আজি ভাৰত-নিউজিলেণ্ডৰ T20 মেচ, মুখ্যপ্ৰশিক্ষক হিচাপে যাত্ৰা আৰম্ভ হ’ব দ্ৰাৱিড়ৰ

বিশ্বকাপৰ ব্যৰ্থতা পাহৰি আজি পুনৰ ভাৰত-নিউজিলেণ্ড নামিব T20ৰ যুঁজত। ভাৰত ভ্ৰমণলৈ অহা নিউজিলেণ্ডৰ সৈতে ৩খনীয়া T20 শৃংখলাৰ আজি প্ৰথমখন মেচ। আজি মেচখনত কোহলিৰ পৰিৱৰ্তে প্ৰথমবাৰলৈ পূৰ্ণকালীন অধিনায়ক হিচাপে দায়িত্ব ল’ব ৰোহিত শৰ্মাই। আজিৰ মেচখনৰ পৰাই ভাৰতীয় ক্ৰিকেট দলৰ মুখ্যপ্ৰশিক্ষক হিচাপে যাত্ৰা আৰম্ভ হ’ব ৰাহুল দ্ৰাৱিড়ৰ। জয়পুৰত আজি প্ৰথমখন T20ত নিউজিলেণ্ডৰ নেতৃত্বত থাকিব ছাউডী।

আইপিএলৰ বিশ্বকাপ খেলি ভাগৰুৱা হৈ পৰা নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে T20 শৃংখলাটোত নেখেলাৰ সিদ্ধান্ত লৈছে। তাৰ পৰিবৰ্তে দুয়োটা দলৰে মূল একাদশত নহয় বিশেষ সালসলনি। বিশ্বকাপৰ ব্যৰ্থতাৰ পিছত টীম ইণ্ডিয়াৰ মনোবল বৃদ্ধি কৰিবলৈ এই শৃংখলাই সুন্দৰ সুযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...