আজি ভাৰত-নিউজিলেণ্ডৰ T20 মেচ, মুখ্যপ্ৰশিক্ষক হিচাপে যাত্ৰা আৰম্ভ হ’ব দ্ৰাৱিড়ৰ

বিশ্বকাপৰ ব্যৰ্থতা পাহৰি আজি পুনৰ ভাৰত-নিউজিলেণ্ড নামিব T20ৰ যুঁজত। ভাৰত ভ্ৰমণলৈ অহা নিউজিলেণ্ডৰ সৈতে ৩খনীয়া T20 শৃংখলাৰ আজি প্ৰথমখন মেচ। আজি মেচখনত কোহলিৰ পৰিৱৰ্তে প্ৰথমবাৰলৈ পূৰ্ণকালীন অধিনায়ক হিচাপে দায়িত্ব ল’ব ৰোহিত শৰ্মাই। আজিৰ মেচখনৰ পৰাই ভাৰতীয় ক্ৰিকেট দলৰ মুখ্যপ্ৰশিক্ষক হিচাপে যাত্ৰা আৰম্ভ হ’ব ৰাহুল দ্ৰাৱিড়ৰ। জয়পুৰত আজি প্ৰথমখন T20ত নিউজিলেণ্ডৰ নেতৃত্বত থাকিব ছাউডী।

আইপিএলৰ বিশ্বকাপ খেলি ভাগৰুৱা হৈ পৰা নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে T20 শৃংখলাটোত নেখেলাৰ সিদ্ধান্ত লৈছে। তাৰ পৰিবৰ্তে দুয়োটা দলৰে মূল একাদশত নহয় বিশেষ সালসলনি। বিশ্বকাপৰ ব্যৰ্থতাৰ পিছত টীম ইণ্ডিয়াৰ মনোবল বৃদ্ধি কৰিবলৈ এই শৃংখলাই সুন্দৰ সুযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...