মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণক লৈ ভাৰত–মালদ্বীপৰ সংঘাত

মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণক লৈ ভাৰত–মালদ্বীপৰ সংঘাত। মোদীক কটাক্ষ কৰা মালদ্বীপৰ তিনি মন্ত্ৰীক নিলম্বন। দিল্লীত বিদেশ মন্ত্ৰালয়ৰ কাৰ্যালয়ত মালদ্বীপৰ ৰাষ্ট্ৰদূত। দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া মালদ্বীপৰ মন্ত্ৰীৰ ভাৰত বিৰোধী মন্তব্যক লৈ। মালদ্বীপৰ প্ৰাক্তন নেতা–মন্ত্ৰীৰো সমালোচনা মালদ্বীপ চৰকাৰক। যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণক লৈ আৰম্ভ হৈছিল এই সংঘাত। লাক্ষাদ্বীপ ভ্ৰমণৰ পাছত ছ’চিয়েল মিডিয়াযোগে এই ছবি প্ৰচাৰ কৰি মোদীয়ে লাক্ষাদ্বীপৰ প্ৰাকৃতিক সৌন্দৰ্যত মুগ্ধ হৈ পৰিছিল। পৰ্যটকক লাক্ষাদ্বীপ ভ্ৰমণৰ বাবে আহ্বান জনাছিল মোদীয়ে। সেয়াই আছিল আৰম্ভণি। লাক্ষাদ্বীপৰ প্ৰচাৰ চলোৱা মোদীক উভতি ধৰিছিল মালদ্বীপৰ ৩ মন্ত্ৰীয়ে। ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোদীক অপমান মালদ্বীপৰ মন্ত্ৰীৰ। ভাৰতকো সমালোচনাৰ লক্ষ্য কৰি লয় মালদ্বীপৰ নেতা–মন্ত্ৰীয়ে। ছ’চিয়েল মিডিয়াত মালদ্বীপৰ যুৱ সৱলীকৰণ তথা তথ্য মন্ত্ৰী মৰিয়ম শ্বউনাৰ মন্তব্য–
এয়া বহুৱালি। ডুবাৰৰ জেকেট পিন্ধি সাগৰত ডুব মৰা নৰেন্দ্ৰ মোদী ইজৰাইলৰ পুতলা। ভাৰতক গৰুৰ গোৱৰৰ সতে তুলনা মন্ত্ৰী শ্বউনাৰৰ। মন্ত্ৰী মৰিয়ম শ্বউনাৰ লগতে প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰতক লৈ অনুৰূপ অপমানসূচক মন্তব্য কৰে মালদ্বীপৰ আন দুই মন্ত্ৰী মালালা শ্বৰিফ আৰু আব্দুল্লা মাজুম মজিদেও। উল্লেখ যে লাক্ষাদ্বীপ ভ্ৰমণক লৈ মোদীয়ে কৰা মন্তব্যত এবাৰো উল্লেখ কৰা হোৱা নাছিল মালদ্বীপৰ বিষয়ে। নিজে গাত পাতি লৈ মোদী আৰু ভাৰতৰ বিৰুদ্ধে মন্তব্য দি মূল্য ভৰিবলগীয়া হ’ল ৩ মন্ত্ৰীয়ে। বিষয়টোৰ পৰা আঁতৰত অৱস্থান কৰি মালদ্বীপ চৰকাৰে নিলম্বিত কৰে তিনিওমন্ত্ৰীক। এই ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে মালদ্বীপৰ একাংশ প্ৰাক্তন নেতা–মন্ত্ৰীয়েও সেইদেশৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে।

ইপিনে ভাৰতৰ বিৰুদ্ধে এনে অপমানসূচক মন্তব্যৰ পিছতে বৈদেশিক মন্ত্ৰালয়ে তলব কৰে মালদ্বীপৰ ৰাষ্ট্ৰদূতক। সোমবাৰে পুৱাই নতুন দিল্লীত বৈদেশিক মন্ত্ৰণালয় কাৰ্যালয়ত উপস্থিত হয়গৈ মালদ্বীপৰ ৰাষ্ট্ৰদূত। বলিউডৰ জনপ্ৰিয় তাৰকাসকলেও এই ঘটনাক লৈ সমালোচনা কৰে মালদ্বীপক।আৰম্ভ হয় হেছটেগ বয়কট মালদ্বীপ শীৰ্ষক অভিযান। ভাৰতীয় পৰ্যটকক মালদ্বীপ বৰ্জনৰ আহ্বান জনায় বলিউডৰ বহু তাৰকাৰ লগতে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে। ঘটনাৰ পিছতে কেবাটাও পৰ্যটন সংস্থাই পৰ্যটকৰ বাবে মালদ্বীপ ভ্ৰমণসূচী বাতিল কৰিছে। উল্লেখ্য যে আন্তজাৰ্তিক পৰ্যটনত বিশেষ খ্যাতি থকা মালদ্বীপৰ পৰ্যটন বিশেষভাবে নিৰ্ভৰ কৰে ভাৰতীয় পৰ্যটকৰ ওপৰত। কিন্তু ভাৰতীয় পৰ্যটকে মালদ্বীপ বৰ্জন কৰাৰ ফলত এতিয়া বিপদৰ সন্মুখীন হৈছে মালদ্বীপ চৰকাৰ। মালদ্বীপৰ পৰ্যটন খণ্ডলৈ নামিছে বিপদৰ অশনি সংকেট।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...