১ হাজাৰ বছৰলৈ সুৰক্ষিত থাকিব অযোধ্যাৰ ৰাম মন্দিৰ

অহা ২২ জানুৱাৰীত উদ্বোধন কৰা হ’ব অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰাৰ পিছতে মন্দিৰ গৰ্ভগৃহত ৰাম লালাৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা কৰি তোলা হৈছে। ভক্তসকলৰ মাজত ক্ৰমাৎ কৌতুহল বৃদ্ধি পাইছে ৰাম লালাৰ মূৰ্তিক লৈ। ৰাম লালাৰ মূৰ্তিটো তৈয়াৰ কৰা হৈছে কৃষ্ণ বৰ্ণৰ পাথৰেৰে। ৯১ ইঞ্চি উচ্চতাৰ এই মূৰ্তিটো গৰ্ভগৃহত এনেদৰে স্থাপন কৰা হ’ব যাতে প্ৰতিবছৰ চ’ত মাহৰ শুক্লা নৱমীত সূৰ্যৰ ৰশ্মি এই মূৰ্তিৰ কপালত পৰে। অহা ১৬ জানুৱাৰীৰ পৰা ৰাম লালাৰ মূৰ্তি স্থাপনৰ বাবে আৰম্ভ হ’ব বৈদিক আচাৰ। অযোধ্যাৰ চৌপাশে ৰথ ভ্ৰমণৰ পিছত অহা ১৮ জানুৱাৰীত মন্দিৰৰ গৰ্ভ গৃহত স্থাপন কৰা হ’ব ৰাম লালাৰ মূৰ্তি।

২২ জানুৱাৰীলৈ মাজত মাথো কেইটামান দিন
সমগ্ৰ অযোধ্যা নগৰত উখল–মাখল পৰিৱেশ
মুকলি হ’ব অযোধ্যাৰ বহু প্ৰতিক্ষিত ৰাম মন্দিৰ
এসপ্তাহ পূৰ্বৰে পৰা অযোধ্যাত আৰম্ভ হ’ব ৰথ যাত্ৰা
মন্দিৰৰ গৰ্ভগৃহত ১৮ জানুৱাৰীত স্থাপন কৰা হ’ব ৰাম লালাৰ মূৰ্তি

অযোধ্যাৰ বহু প্ৰতীক্ষিত তথা নৱনিৰ্মিত ৰাম মন্দিৰ মুকলিৰ বাবে ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে সকলো প্ৰস্তুতি। অহা ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব ৰাম মন্দিৰৰ দুৱাৰ। ইয়াৰ পিছ দিনাই সাধাৰণ ভক্তৰ বাবে মুকলি কৰি দিয়া হ’ব অযোধ্যাৰ ৰাম মন্দিৰ। ৰাম মন্দিৰ মুকলিৰ প্ৰায় এসপ্তাহপূৰ্বে অযোধ্যাত হ’ব বৈদিক আচাৰ। অযোধ্যা নগৰত ৰাম লালাৰ মূৰ্তিক লৈ আৰম্ভ হ’ব ৰথ যাত্ৰা। ইয়াৰ পিছতে ১৮ জানুৱাৰীত মন্দিৰৰ গৰ্ভ গৃহত স্থাপন কৰা হ’ব ৰাম লালাৰ মূৰ্তি। কঠোৰ নিৰাপত্তাৰ মাজেৰে সম্পন্ন কৰা হ’ব ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান। ৰাম মন্দিৰ মুকলিৰ পূৰ্বে ৰাম লালাৰ মূৰ্তিক লৈ কৌতুহলী হৈ উঠিছে ভক্তসকল। ৰাম মন্দিৰ ট্ৰাষ্টে প্ৰকাশ কৰা মতে,

ৰাম লালাৰ মূৰ্তিৰ উচ্চতা হ’ব ৫১ ইঞ্চি
কৃষ্ণ বৰ্ণৰ পাথৰেৰে তৈয়াৰ কৰা হৈছে ৰাম লালাৰ মূৰ্তি
ভক্তৰ পূজা–অৰ্চনাৰ পিছতো ক্ষতি নহয় ৰাম লালাৰ মূৰ্তিৰ
প্ৰতি বছৰে ৰাম নবমীত সূৰ্যৰ ৰশ্মি পৰিব ৰাম লালাৰ মূৰ্তিৰ কপালত
যোৱা ৩ বছৰত উত্তৰ ভাৰতত নিৰ্মাণ হোৱা নাই এনে ৰাম মন্দিৰ
১ হাজাৰ বছৰলৈ সুৰক্ষিত থাকিব অযোধ্যাৰ ৰাম মন্দিৰ

ৰাম মন্দিৰৰ স্থায়ীত্ব আৰু ৰাম লালাৰ মূৰ্তিৰ সুৰক্ষাৰ প্ৰতি ৰক্ষা ৰাখি বিশেষ প্ৰক্ৰিয়াৰে নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হৈছে। ৰাম লালাৰ মূৰ্তিৰ বাবে ৩ গৰাকী শিল্পীক দায়িত্ব দিয়া হৈছিল যদিও ইয়াৰ ভিতৰত এটা মূৰ্তিহে বাছনি কৰা হৈছে। ৰাম মন্দিৰৰ গৰ্ভগৃহত এই ৰাম লালাৰ মূৰ্তি এনেদৰে স্থাপন কৰা হ’ব যাতে প্ৰতি বছৰৰ ৰাম নৱমীৰ দিনা ৰাম লালাৰ মূৰ্তিৰ কপালত সূৰ্যৰ ৰশ্মি প্ৰতিফলিত হয়। ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যও এনেদৰে সম্পূৰ্ণ কৰি তোলা হৈছে যে অহা এহাজাৰ বছৰলৈ ৰাম মন্দিৰৰ কোনোধৰণৰ ক্ষতি নহয় বুলি দাবী কৰিছে মন্দিৰ কৰ্তৃপক্ষই। আনহাতে,
ৰাম মন্দিৰ মুকলিক লৈ আন এক সমস্যাৰ সন্মুখীন হৈছে উত্তৰপ্ৰদেশ।

ৰাম মন্দিৰ মুকলিৰ দিনাই মাতৃ হ’ব খোজে বহু মহিলাই
গৰ্ভৱতী মহিলাসকলে বিচাৰে ৰামৰ আগমনৰ দিনাই শুৱনি হওক তেওঁলোকৰ কোলা
অযোধ্যা সহ উত্তৰ প্ৰদেশৰ সকলো চিকিৎসালয়তে ভিৰ

উত্তৰপ্ৰদেশৰ বিভিন্ন চিকিৎসালয়ত অহা ২২ জানুৱাৰীৰ দিনাই সন্তান জন্ম দিব বিচাৰিছে বহু সংখ্যক গৰ্ভৱতী মহিলাই। এই দিনটো স্মৰণীয় কৰি ৰখাৰ উদেশ্যে অযোধ্যাসহ বিভিন্ন চৰকাৰী–বেচৰকাৰী চিকিৎসালয়ত ভিৰ কৰিছে গৰ্ভৱতী মহিলাসকলে। প্ৰতিখন চিকিৎসালয়তে ৩০–৩৫গৰাকীকৈ গৰ্ভৱতী মহিলাই সন্তান জন্ম দিয়াৰ বাবে ২২ জানুৱাৰীৰ দিনটোৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰত আহ্বান জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...