চতুৰ্থবাৰলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পথত শ্বেখ হাছিনা

একেৰাহে চতুৰ্থটো কাৰ্যকালৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হয় শ্বেখ হাছিনা। দেওবাৰে অনুষ্ঠিত হোৱা বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত বিপুল সংখ্যক আসন লাভ কৰি আন এটা পৰৱৰ্তি কাৰ্যকাল সুনিশ্চিত কৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। বিৰোধীৰ নিৰ্বাচন বৰ্জনৰ মাজতে অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত হাছিনাৰ আৱামী লীগে সংসদৰ দুই–তৃতীয়াংশ আসন লাভ কৰিবলৈ সক্ষম হয়। দেশখনৰ বিভিন্ন অঞ্চলত সংঘটিত হিংসাত্মক ঘটনাৰ মাজতে বিজয় সুনিশ্চিত কৰি হাছিনাই একেৰাহে চতুৰ্থটো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত কৰিলে।

চতুৰ্থবাৰলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পথত শ্বেখ হাছিনা
বিপুল ভোটত জয় লাভ হাছিনা নেতৃত্বাধীন আৱামী লীগ
দেওবাৰে অনুষ্ঠিত হৈছিল বাংলাদেশৰ সাধাৰণ নিৰ্বাচন
২৯৯খন আসনৰ ভিতৰত ২২২খন আসন লাভ আৱামী লীগৰ
১১খন আসনত জাতীয় দলৰ জয়লাভ, নিৰ্দলীয়ই লাভ কৰে ৬২খন আসন

বিৰোধী দলসমূহৰ তীব্ৰ বিৰোধিতাৰ মাজতে দেওবাৰে অনুষ্ঠিত হোৱা বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত বিপুল ভোটত জয় লাভ কৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা নেতৃত্বাধীন আৱামী লীগে। বাংলাদেশ সংসদৰ মুঠ আসন সংখ্যা ৩০০ যদিও এজন প্ৰাৰ্থীৰ মৃত্যু হোৱাত ২৯৯খন আসনতহে নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰ ভিতৰত ২২২খন আসনত বিজয় সাব্যস্ত কৰি চতুৰ্থটো কাৰ্যকালৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পথ নিশ্চিত কৰে শ্বেখ হাছিনাই। আনহাতে জাতীয় দলে ১১খন আসনত জয় লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিবলৈ সক্ষম হয় ৬২খন আসন। নিৰ্দলীয় প্ৰাৰ্থী সকলৰো অধিকাংশই শ্বেখ হাছিনালৈ সমৰ্থন আগবঢ়োৱাৰ সম্ভাৱন আছে। বিৰোধীয়ে অভিযোগ কৰা মতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নিৰ্দেশক্ৰমেই এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল নিৰ্দলীয় প্ৰাৰ্থীসকলে।

মূল বিৰোধী BNPসহ কেইবাটাও দলৰ নিৰ্বাচন বৰ্জন
তত্বাৱধায়ক চৰকাৰৰ অধীনত নিৰ্বাচন বিচাৰিছিল বিৰোধীয়ে
নিৰ্বাচনৰ প্ৰাকমুহূৰ্ততো হাছিনা বিৰোধী প্ৰতিবাদ বিৰোধীৰ

বাংলাদেশৰ নিৰ্বাচনক লৈ যোৱা কেইবাদিন ধৰি দেশখনৰ বিভিন্ন অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে। নিৰ্বাচনৰ দুদিন পূৰ্বে বে’নাপল এক্সপ্ৰেছত সংঘটিত অগ্নিকাণ্ডৰ সৈতেও নিৰ্বাচনৰ সম্পৰ্ক থকা বুলি বিভিন্ন পক্ষই দাবী কৰে। আনকি ভোট গ্ৰহণৰ প্ৰাকক্ষণতো কেইবাটাও ভোটকেন্দ্ৰ জ্বলাই দিয়া হৈছিল দেশখনৰ বিভিন্ন অঞ্চলত। BNPএ অভিযোগ কৰা মতে বিজয় সুনিশ্চিত কৰাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বহু সমষ্টিত ‘ভুৱা’ প্ৰাৰ্থী থিয় কৰাইছিল। সেয়ে এই নিৰ্বাচন বাতিল কৰি এখন তত্বাৱধায়ক চৰকাৰৰ অধীনত নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছিল বিৰোধী দলসমূহে। কিন্তু বিৰোধীৰ এই দাবীলৈ আওকান কৰি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নিৰ্দেশক্ৰমে দেওবাৰে অনুষ্ঠিত কৰা হয় সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...