ভাৰতে স্বীকৃতি দিয়া নাই তালিবান চৰকাৰক, বৈদেশিক মন্ত্ৰীৰ ভ্ৰমণৰ সময়ত ত্ৰিৰংগাৰ কাষত কোনখন পতাকা থাকিব?

আফগানিস্তানৰ তালিবান চৰকাৰৰ বিদেশ মন্ত্ৰী আমিৰ খান মুত্তাকি ভাৰত ভ্ৰমণত আহিছে। তেওঁ এসপ্তাহৰ বাবে ভাৰতত থাকিব। ২০২১চনত আফগানিস্তানৰ পৰা আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰ আৰু তালিবানে ক্ষমতা দখলৰ পিছত প্ৰথমবাৰৰ বাবে তালিবান চৰকাৰৰ কোনো গুৰুত্বপূৰ্ণ নেতা ভাৰতলৈ আহিছে। তেওঁ ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে সাক্ষাৎ কৰিব। কিন্তু মুত্তাকিৰ এই ভাৰত ভ্ৰমণে নতুন দিল্লীত এক দ্বিধাৰ সৃষ্টি কৰিছে। চৰকাৰী বিষয়াসকল এতিয়া অস্বস্তিত পৰিছে।

ভাৰতে এতিয়াও আফগানিস্তানৰ তালিবান চৰকাৰক স্বীকৃতি প্ৰদান কৰা নাই। নতুন দিল্লীত থকা আফগানিস্তানৰ দূতাবাসত এতিয়াও পুৰণি পতাকা উৰি আছে। ভাৰত চৰকাৰে তালিবানৰ নতুন পতাকা দূতাবাসত উৰাবলৈ অনুমতি দিয়া নাই। আফগানিস্তানত ২০২১ চনৰ পৰা ভাৰতীয় দূতাবাস বন্ধ হৈ আছে। কিন্তু যিকোনো দ্বিপাক্ষিক ভ্ৰমণৰ নিয়ম অনুসৰি, চৰকাৰীভাৱে ফটো তুলিবৰ সময়ত ভাৰতৰ পতাকাৰ কাষত ভ্ৰমণকাৰী নেতাৰ দেশৰ পতাকাও ৰাখিব লাগে। ইয়াতেই সৃষ্টি হৈছে দ্বিধা। যি চৰকাৰক ভাৰতে এতিয়াও স্বীকৃতি দিয়া নাই, যি পতাকা দূতাবাসত উৰাবলৈ অনুমতি পোৱা নাই, সেই পতাকা মুত্তাকিৰ ভ্ৰমণৰ সময়ত ভাৰতৰ তিনিৰঙী পতাকাৰ কাষত কেনেকৈ স্থান পাব? এই বিষয়ত এতিয়াও বিষয়াসকলে কোনো সিদ্ধান্ত ল’ব পৰা নাই।

তালিবানৰ পতাকা বুলিলে এখন বগা কাপোৰৰ ওপৰত ক’লা হৰফত শ্বাহাদা (ইছলাম ধৰ্মৰ বিশ্বাসৰ বাণী) লিখা থাকে। আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পিছতো নতুন দিল্লীৰ দূতাবাসত এই পতাকা উৰোৱা হোৱা নাই। বৰঞ্চ তাত এতিয়াও আফগানিস্তানৰ পুৰণি পতাকা আছে, যিখন পতাকা ক্ষমতাচ্যুত আফগান ৰাষ্ট্ৰপতি আশ্ৰাফ গণিৰ সময়ত ব্যৱহাৰ হৈছিল।

মুত্তাকি প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছে যদিও তেওঁৰ সৈতে ইতিপূৰ্বে আন আন ভাৰতীয় বিষয়াসকলৰ সাক্ষাৎ হৈছে। সেই সকলো ক্ষেত্ৰত তালিবানৰ পতাকাই ব্যৱহাৰ হৈছিল। এই বছৰৰ আৰম্ভণিতে ডুবাইত ভাৰতৰ বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে মুত্তাকিৰ সৈতে সাক্ষাৎ কৰিছিল, তেতিয়া কোনো পতাকা ব্যৱহাৰ নকৰি বিতৰ্ক এৰাই চলা হৈছিল। কিন্তু মুত্তাকি ভাৰতলৈ অহাৰ পিছত অস্বস্তি বাঢ়িছে।

ভাৰত আৰু আফগানিস্তানৰ মাজৰ সম্পৰ্ক সদায় বন্ধুত্বপূৰ্ণ আছিল। কিন্তু আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পিছত সমীকৰণ সলনি হৈছে। নতুন দিল্লীয়ে আফগানিস্তানত নিজৰ দূতাবাস বন্ধ কৰি দিছে। মুত্তাকিৰ এই ভাৰত ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্কক নতুন মাত্ৰা দিব বুলি বহুতে মত পোষণ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...