ট্ৰাম্পৰ শত্ৰু দেশ ভেনিজুৱেলাৰ আইৰন লেডীয়ে লাভ কৰিলে শান্তিৰ নোবেল

ভেনিজুৱেলাৰ বিৰোধী দলৰ নেত্ৰী মাৰিয়া কৰিনা মাচাডুৱে ২০২৫ চনৰ নোবেল শান্তি বঁটা লাভ কৰিছে। এই বঁটাটোৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও আশা কৰিছিল। কিন্তু নোবেল সমিতিয়ে এইবাৰ তেওঁক নিৰ্বাচন নকৰি, গণতন্ত্ৰ আৰু মানৱাধিকাৰৰ বাবে অবিৰত সংগ্ৰাম কৰি থকা এইগৰাকী যুৱ নেত্ৰীক বাছি লৈছে।

চৰ্চাৰ বিষয় এই যে, এই বঁটা এনে এখন দেশৰ নেত্ৰীয়ে লাভ কৰিছে, যিখন দেশক ট্ৰাম্পে নিজৰ শত্ৰু দেশ বুলি ভাবে। শেহতীয়াকৈ ভেনিজুৱেলা আৰু আমেৰিকাৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। যদিও ট্ৰাম্পে মাচাডুক স্বাধীনতাৰ সৈনিক বুলি অভিহিত কৰিছিল। মাচাডুক ভেনিজুৱেলাৰ ‘আইৰণ লেডী’ বুলিও কোৱা হয়।

মাৰিয়া কৰিনা মাচাডু কোন?

মাৰিয়াৰ জন্ম হৈছিল ১৯৬৭ চনৰ ৭ অক্টোবৰত, কাৰাকাছত। তেওঁ এণ্ড্ৰেছ বেলো কেথলিক বিশ্ববিদ্যালয়ৰ পৰা ঔদ্যোগিক অভিযান্ত্ৰিক বিষয়ত স্নাতক আৰু IESAৰ পৰা বিত্তীয় বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে তেওঁ পৰিয়ালৰ ব্যৱসায় আৰু সামাজিক অভিযানত সক্ৰিয়ভাৱে অংশ লৈছিল।

২০০২ চনত তেওঁ Súmate নামৰ এটা সংগঠন প্ৰতিষ্ঠা কৰিছিল, যিয়ে নিৰ্বাচন পৰ্যবেক্ষণ আৰু নাগৰিক অধিকাৰৰ প্ৰচাৰ কৰে। ইয়াৰ পিছত তেওঁ নিজৰ ৰাজনৈতিক দল Vente Venezuela প্ৰতিষ্ঠা কৰে আৰু ২০১০ চনত ৰাষ্ট্ৰীয় বিধানসভাৰ বাবে সৰ্বাধিক ভোট লাভ কৰি নিৰ্বাচিত হয়।

২০২৪ চনত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আছিল

মাচাডুয়ে সদায়েই হুগো চাভেজ আৰু নিকোলাছ মাদুৰোৰ স্বৈৰাচাৰী নীতিৰ বিৰুদ্ধে থিয় দিছিল। ২০১৪ চনত প্ৰতিবাদী সমদলত তেওঁৰ প্ৰধান ভূমিকা আছিল। কেইবাবাৰো তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল, তথাপিও তেওঁৰ সংগ্ৰাম অব্যাহত আছে।

২০২৪ চনৰ নিৰ্বাচনৰ আগতে মাচাডু আছিল বিৰোধী দলৰ ৰাষ্ট্ৰপতি প্ৰাৰ্থী। বিৰোধী দলৰ প্ৰাথমিক নিৰ্বাচনত তেওঁ ৯২% ভোট লাভ কৰিছিল। ২০২৪ চনৰ জানুৱাৰীত শীৰ্ষ আদালতে তেওঁক ৰাজহুৱা পদ গ্ৰহণৰ পৰা নিষিদ্ধ কৰিছিল, কিন্তু তেওঁ বিৰোধী প্ৰাৰ্থী এডমুণ্ডো গঞ্জালেজক সমৰ্থন অব্যাহত ৰাখিছিল। এই কাৰ্যত তেওঁ আন্তৰ্জাতিক সমৰ্থনো লাভ কৰিছিল। মাচাডু এবছৰতকৈও অধিক সময় ধৰি দেশত লুকাই আছে।

নোবেলৰ আগতেও লাভ কৰিছিল এই সন্মানসমূহ

নোবেল সমিতিয়ে কৈছে যে এই সন্মান তেওঁৰ অক্লান্ত প্ৰচেষ্টা, গণতান্ত্ৰিক অধিকাৰৰ সমৰ্থন আৰু স্বৈৰাচাৰৰ পৰা শান্তিপূৰ্ণ গণতন্ত্ৰৰ দিশত সংগ্ৰামৰ বাবে প্ৰদান কৰা হৈছে। মাচাডুৱে ১১ মিলিয়ন ছুইডিছ ক্ৰ’না (প্ৰায় ১০.৩ কোটি টকা), সোণৰ পদক আৰু প্ৰমাণপত্ৰ লাভ কৰিব। বঁটা প্ৰদান অনুষ্ঠান ২০২৫ চনৰ ১০ ডিচেম্বৰত অ’চলোত অনুষ্ঠিত হ’ব।

২০২৪ চখাৰভ বঁটা: ইউৰোপীয় সংসদে তেওঁক আৰু এডমুণ্ডো গঞ্জালেজক গণতন্ত্ৰ ৰক্ষাৰ বাবে এই বঁটা প্ৰদান কৰিছিল। 

২০২৪ ভাচলাভ হাভেল মানৱাধিকাৰ বঁটা: ইউৰোপৰ পৰিষদে তেওঁৰ মানৱাধিকাৰৰ বাবে প্ৰচেষ্টাক সন্মানিত কৰিছিল। 

২০২৫ কাৰেজ বঁটা: জেনেভা মানৱাধিকাৰ শীৰ্ষ সন্মিলনে তেওঁক আৰু গঞ্জালেজক এই বঁটা প্ৰদান কৰিছিল। 

২০১৮ বিবিচি সন্মান: বিবিচিয়ে তেওঁক বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...