বাংলাদেশৰ বাবে ভাৰতৰ বিশেষ উপহাৰ

বাংলাদেশ পালেগৈ ভাৰতে উপহাৰ হিচাপে দিয়া দুটা ভ্ৰাম্যমাণ অক্সিজেন প্ৰকল্প। ভাৰতীয় নৌসেনাৰ জাহাজ INS সাবিত্ৰী বৃহস্পতিবাৰে ৰাতিপুৱা চিটাগঙত উপস্থিত হৈছে। DRDOৰ দ্বাৰা নিৰ্মাণ কৰা প্ৰকল্প কেইটা ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ বাংলাদেশক উপহাৰ হিচাপে দিছে ভাৰতে। এই প্লান্ট কেইটাৰ অক্সিজেন উৎপাদন ক্ষমতা প্ৰতি মিনিটত ৯৬০লিটাৰ।

এটা প্ৰকল্প ঢাকা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত স্থাপন কৰা হ’ব আৰু আনটো বিএনএছ পাটেঙ্গাত স্থাপনৰ বাবে বাংলাদেশ নৌসেনাক হস্তান্তৰ কৰা হৈছে। এই অত্যাধুনিক প্লান্ট কেইটাই অতি সুলভ উপায়েৰে তাৎক্ষণিক চিকিৎসা অক্সিজেন প্ৰস্তুত কৰে। এই অক্সিজেন চিলিণ্ডাৰ সমূহ পোনপটীয়াকৈ চিকিৎসালয়ত স্থাপন কৰাৰ উপৰিও পুনৰ ভৰ্তি কৰাৰ বাবেও উপযোগী। লগতে চিকিৎসাৰ বাবে প্ৰেচাৰ চুইং এডপচন (পিএছএ) নীতিৰ সৈতে জিঅ’লাইট (আণৱিক চিম) প্ৰযুক্তি ব্যৱহাৰ কৰি মানক চিকিৎসা অক্সিজেনো প্ৰস্তুত কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...