ভূটান সীমান্তৰ কৃষকৰ সংগ্ৰামৰ জীয়া ছবি, কেতিয়া আহিব ভাল দিন?

ৰাইজে নখ জোকাৰিলে নৈ বয়। নেতাৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়ে হৈ ৰয়। বাক্সাৰ ভাৰত–ভূটান সীমান্তৰ কৃষকৰ সংগ্ৰামৰ জীয়া ছবি। চৰকাৰী আঁচনিক আশা নকৰি এনেদৰে বান্ধ নিৰ্মাণ কৰিবলৈ ওলাই আহিল স্থানীয় ৰাইজ। খেতি কৰিবলৈ ভেটিব লাগে খৰস্ৰোতা নৈ । নিৰ্বিকাৰ ৰাজ্যৰ জলসিঞ্চন বিভাগ। বাক্সা জিলাৰ বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী সূৱণখাটাৰ ৰাইজৰ বিলৈ। স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো সুৱণখাটাৰ পাগলাদিয়া নৈৰ বান্ধত কোনো এখন চৰকাৰী আঁচনিয়ে ঢুকি নাপালে। খেতি পথাৰত পানীৰ অভাৱ তথা জলসিঞ্চন বিভাগৰ হেমাহিৰ বাবেই এই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কৃষকসকলৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...