প্ৰকৃতিৰ ৰোষত দিশহাৰা মানুহ

প্ৰকৃতিৰ ৰোষত দিশহাৰা মানুহ। হিমাচল, ৱাইনাড় সকলোতে হাহাকাৰ। তিনি শতাধিক লোকে প্ৰাণ হেৰুৱালে কেৰালাৰ ৱাইনাড়ত। এতিয়াও চলি আছে উদ্ধাৰ অভিযান। কেৰালা চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে বৰ্তমানো সন্ধানহীন হৈ আছে অৰ্ধশতাধিক লোক। এনে বিপৰ্যয়ৰ মাজতো ‘ঈশ্বৰৰ কৃপা’। ধ্বংসস্তুপৰ মাজত জীৱন্তে উদ্ধাৰ ৪টা শিশু। পাহাৰৰ চুড়াৰ গুহাৰ পৰা উদ্ধাৰ শিশুকেইটিক। উদ্ধাৰ হোৱা শিশুকেইটি পানীয়া জনগোষ্ঠীৰ। সাধাৰণতে পাহাৰীয়া ঠাইত বাস কৰা জনগোষ্ঠীটোৰ লোকে আন লোকৰ সৈতে যোগাযোগ নাৰাখে। ভূমিস্খলনত জনগোষ্ঠীটোৱে বাস কৰা অঞ্চলটোৰ বিস্তৰ ক্ষতি হয়। উদ্ধাৰকাৰীয়ে ৮ ঘণ্টা ট্ৰেকিং কৰি দুৰ্গম পাৰ্বত্য অঞ্চলৰ পৰা শিশুকেইটিক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ আহে। উদ্ধাৰকাৰী দলে অভিযান চলাই আছে। বৰ্ণনাতীত পৰিস্থিতিৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দল। বৰ্মানলৈকে সহস্ৰাধিক লোকক উদ্ধাৰ কৰা হৈছে ধ্বংসস্তুপৰ মাজৰ পৰা। একেই বিপৰ্য়ৰ সন্মুখীন হৈছে হিমাচল।

পানীৰ ধলে উটুৱাই নিলে এখন গাঁও। নিঃশেষ হৈ গ’ল একোটা পৰিয়াল। ৫৩ গৰাকী লোক এতিয়াও সন্ধানহীন। উদ্ধাৰকাৰীয়ে চলাই আছে অভিযান। কিন্তু বুধবাৰে হিমাচললৈ নামি অহা বিপৰ্যয়ৰ বৰ্ণনা শুনি কঁপি উঠিছে বহুতৰ বুকু।

নিশা গগন ফলা শব্দৰে নামি পানীৰ ধল। আতংকত অনিতা সোমাইছিল গৈ কালী মন্দিৰত। প্ৰলয় পাৰ হৈ যোৱাত মন্দিৰৰ পৰা ওলাই আহিল অনিতা কেউফালে মাথোঁ ধ্বংসস্তুপ। নিজৰ ঘৰখনৰ বাদে গাঁৱত নাই আন কাৰোৰে ঘৰ। পানীৰ ধলে নিঃচিন্ন কৰিলে সকলো। ভাগ্যৰ বলত গাঁৱৰ কিছু সংখ্যক লোকৰ প্ৰাণ বাচিল। অনিতা দেৱী নামৰ ছিমলাৰ ছামেজ গাঁৱৰ মহিলাগৰাকীয়ে দিলে বিপৰ্যয়ৰ বৰ্ণনা। এয়া হিমাচলৰ আজিৰ দৃশ্য। কেউফালে মাথোঁ হাহাকাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...