আকৌ বান, পাহাৰৰ পৰা নামি অহা ঢলে বুৰালে বিস্তীৰ্ণ অঞ্চল

গোৱালপাৰাত পাহাৰৰ পৰা নামি অহা ঢলৰ ভয়াৱহ ৰূপ। মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা ঢলে মাটিয়াৰ বামুনপাৰাত ছিঙিলে বান্ধ ।দুধনৈ নৈৰ বান্ধ ছিঙি প্লাবিত হৈছে বিস্তীৰ্ণ অঞ্চল। দুধনৈ নৈৰ বান্ধ ছিঙাৰ ফলত বানৰ কৱলত পৰিছে বহু পৰিয়াল। শুকুৰবাৰে নিশাৰ পৰা নেৰানেপেৰা বৰষুণ গোৱালপাৰাত। নেৰানেপেৰা বৰষুণৰ ফলত দুধনৈ নদীৰ পানী ওফন্দি উঠাত ছিঙিলে বান্ধ। বামুনপৰা, বাকাইটাৰী আৰু নন্দেশ্বৰ গাঁৱতো সোমাইছে পানী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...

পাকিস্তানত ভয়ংকৰ ঘটনা; বিদ্যালয়ৰ ছাদ খহি শিক্ষকসহ ২৯ শিক্ষাৰ্থীৰ মৃত্যু

পাকিস্তানৰ উত্তৰাঞ্চলৰ পেছাৱৰ চহৰত বৃহস্পতিবাৰে পুৱা সংঘটিত এক ভয়ংকৰ...