লতাশিলৰ বিষ্ণু-নিৰ্মলা ভৱনত ব’হাগী উৎসৱ মেলা উদ্বোধন

ৰঙালী বিহুৰ সন্ধিক্ষণত ৰাজ্যৰ প্ৰান্তে প্রান্তে বিহু আৰু ব’হাগী উৎসৱক লৈ অনুষ্ঠিত হৈছে মেলা, প্ৰদৰ্শনী আদি। গুৱাহাটীৰ লতাশিলৰ বিষ্ণু-নিৰ্মলা ভৱনত শুকুৰবাৰৰ পৰা ‘ঋতম্ভৰা’ গোষ্ঠীৰ উদ্যোগত আয়োজিত হৈছে ব’হাগী উৎসৱ মেলা।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাগৰাকী উদ্যোগী মহিলাই এই মেলাত অংশগ্ৰহণ কৰিছে| মেলাখনত বিহু সামগ্ৰীৰ লগতে অসমীয়া সাজ-পাৰ, গহণা, ঘৰুৱা ব্যৱহৃত সামগ্ৰী আদি সুলভ মূল্যত উপলদ্ধ হৈছে। তৃতীয় বৰ্ষৰ বাবে আয়োজিত এই ব’হাগী উৎসৱ মেলা উদ্বোধন কৰে প্ৰতিদিন টাইমৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামী, NKTVৰ কনছালণ্টিং এডিটৰ প্ৰণয় বৰদলৈ আৰু উদ্যোগী মহিলা মামণি দাসে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিশিষ্ট অতিথিসকলে মেলাখনৰ আয়োজক বুবি বৰদলৈ তালুকদাৰে গৃহিনীসকলক আগুৱাই অনাৰ বাবে লোৱা প্ৰচেষ্টাৰ শলাগ লয়। অহা দেওবাৰে এই মেলাখনৰ সামৰণি পৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...