বিহাৰত দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ বাবে ৪০০০ টকা, স্নাতক ডিগ্ৰীধাৰীৰ বাবে ৬০০০ টকা

মঙলবাৰৰ দিনটোত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সভাপতিত্বত বিহাৰ মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে, ৰাজ্যৰ সম্ভাৱনাময় তৰুণসকলক ইন্টাৰ্নশ্বিপৰ বাবে প্ৰতি মাহত আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। ১৮ৰ পৰা ২৮ বছৰ বয়সৰ ভিতৰৰ তৰুণসকল এই সাহায্যৰ বাবে যোগ্য হ’ব।

বিহাৰৰ ‘মুখ্যমন্ত্ৰী প্ৰতিজ্ঞা যোজনা’ৰ অধীনত যিসকলে কাৰিকৰী উন্নয়ন সম্পৰ্কীয় প্ৰশিক্ষণ বা ‘স্কিল ডেভেলপমেন্ট ট্ৰেইনিং’ লৈছে বা যিসকলে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে, তেওঁলোকে প্ৰতি মাহত ৪,০০০ টকাকৈ পাব। আইটিআইৰ ডিগ্ৰীধাৰী বা ডিপ্লোমা উত্তীৰ্ণসকলে মাহিলী ৫,০০০ টকা লাভ কৰিব। স্নাতক আৰু স্নাতকোত্তৰ উত্তীৰ্ণসকলে প্ৰতি মাহত ৬,০০০ টকা পাব। বিহাৰৰ অন্য জিলাত ইন্টাৰ্নশ্বিপ কৰাসকলক অতিৰিক্ত ২,০০০ টকা আৰু অন্য ৰাজ্যত কাম কৰাসকলক অতিৰিক্ত ৫,০০০ টকা প্ৰদান কৰা হ’ব বুলি জনোৱা হৈছে।

বিহাৰৰ এনডিএ চৰকাৰে জনোৱা মতে, ইন্টাৰ্নশ্বিপৰ ম্যাদ ৩ৰ পৰা ১২ মাহলৈ হ’ব। এই সময়ৰ ভিতৰত উপভোক্তাসকলৰ বেংক একাউণ্টত আৰ্থিক সাহায্য প্ৰত্যক্ষভাৱে প্ৰেৰণ কৰা হ’ব। চলিত বছৰত এনে ৫,০০০ পঢ়ুৱৈক আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্য ৰাখিছে বিহাৰ চৰকাৰে। পাঁচ বছৰৰ পিছত এই সংখ্যা ১ লাখৰ ওপৰলৈ নিয়াৰ লক্ষ্য ধাৰ্য কৰা হৈছে। এই আঁচনিৰ বাবে চৰকাৰী কোষাগাৰৰ পৰা ৬৮৫.৭৬ কোটি টকা খৰচ হ’ব।

কেইদিনমান আগতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিধৱা আৰু বয়স্কসকলৰ পেঞ্চনৰ পৰিমাণ বহুখিনি বৃদ্ধিৰ ঘোষণা কৰিছিল। ইয়াৰ পূৰ্বে বিহাৰত বয়স্ক নাগৰিক, বিধৱা মহিলা আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলে সামাজিক নিৰাপত্তা পেঞ্চনৰ অধীনত প্ৰতি মাহত ৪০০ টকা পাইছিল। সম্প্ৰতি এই পৰিমাণ ১,১০০ টকালৈ বৃদ্ধি কৰা হৈছে, অৰ্থাৎ ৭০০ টকা বৃদ্ধি কৰা হৈছে। জুলাই মাহৰ পৰা এই বৰ্ধিত হাৰত ভাট্টা প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে, আগন্তুক অক্টোবৰ-নৱেম্বৰত বিহাৰত ভোট। তাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাবাৰো সেই ৰাজ্যত প্ৰচাৰৰ বাবে গৈছে। বিৰোধী আৰজেডি-কংগ্ৰেছৰ মোকাবিলা কৰিবলৈ নীতিশ চৰকাৰে উন্নয়নমূলক আৰু জনমুখী আঁচনিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...