অসমতো ঘূৰ্ণী বতাহ ৰিমালৰ প্ৰভাৱ

অসমতো ঘূৰ্ণী বতাহ ৰিমালৰ প্ৰভাৱ। ৰাজ্যত ঠায়ে ঠায়ে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট, ৰে’ড এলাৰ্ট। প্ৰৱল বৃষ্টিপাতৰ বাবে বহু ঠাইতে জাৰি কৰা হৈছে ৰে’ড এলাৰ্ট। চিৰাং, গোৱালপাৰা, বাক্সা, ডিমা-হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত ৰে’ড এলাৰ্ট। ধুবুৰী, দক্ষিণ শালমাৰা, বঙাইগাঁও, বজালী জিলাত অৰেঞ্জ এলাৰ্ট। তামুলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁৱতো অৰেঞ্জ এলাৰ্ট। অৰেঞ্জ এলাৰ্ট দিয়া হৈছে নগাঁও, হোজাই, পশ্চিম কাৰ্বি-আংলঙতো। বৰাকত বন্ধ কৰা হৈছে ৪৪খন স্থানীয় ৰে’লৰ চলাচল। ২৯ মে’ পৰ্যন্ত গুৱাহাটীত ফেৰীসেৱা বন্ধ ৰখাৰ সিদ্ধান্ত। গুৱাহাটীত সক্ৰিয় কৰি ৰখা হৈছে ছুপাৰ চাকাৰ, অতিৰিক্ত কৰ্মচাৰী। হাতীগাঁও, সিজুবাৰী, চানমাৰি, ৰুক্মিণী গাঁও আদি অঞ্চল অতি স্পৰ্শকাতৰ। এই অঞ্চলসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছে GMCয়ে। ভূমিস্খলনপ্ৰৱণ বহুকেইখন জিলা নিৰীক্ষণত ৰাখিছে প্ৰশাসনে। কামৰূপ মহানগৰ, কামৰূপ, ডিমা-হাছাও, কাছাৰ, কৰিমগঞ্জত সতৰ্কতা জাৰি। সতৰ্কতা অৱলম্বন কৰা হৈছে হাইলাকান্দি, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙতো। গুৱাহাটীত বন্ধ দিয়া হৈছে বহুকেইখন ব্যক্তিগত বিদ্যালয়ো। নগাঁৱতো বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে চৰকাৰী-ব্যক্তিগত সকলোবোৰ বিদ্যালয়। ৰাজ্যৰ আন আন জিলাতো বিদ্যালয়সমূহৰ ক্ষেত্ৰত লোৱা হৈছে অনুৰূপ ব্যৱস্থা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...