বলধ নাথাকিলে হাল বাম কেনেকৈ?

গুৱাহাটী, ১৮ জুলাই, NKTV: শাওনৰ পথাৰত এতিয়া ভীষণ ব্যস্ত চহা ৰাইজ। হালৰ গৰুহালক নাঙলৰ যুটিত বান্ধি খেতিয়কে মুখৰিত কৰি তুলিছে পথাৰসমূহক। পিছে সেই গৰু এতিয়া পালেগৈ বিধানসভাৰ মজিয়া। সদনৰ ভিতৰে বাহিৰে তালফাল লাগিছে গৰু বিষয়ক চৰ্চাক লৈ। গো সুৰক্ষা বিধেয়কৰ লগতে গৰুৰ লিংগ বিভাজনো কৰিবলৈ সাজু চৰকাৰ। বলধ গৰুৰ সংখ্যা হ্ৰাস কৰি গাই গৰুৰ সংখ্যা বৃদ্ধি কৰিবলৈ বাজেটত ধাৰ্য কৰা হৈছে বিশেষ পুঁজিৰ। পিছে চৰকাৰৰ আঁচনি শুনি হতবাক গাঁৱৰ চহা খেতিয়কসকল। বলধ গৰুৰ অবিহনে কিদৰে চলিব চহা ৰাইজ? শুনক দিছপুৰে ভাবিব নোৱাৰা কথাবোৰ কিদৰে ভাবে চহা খেতিয়কে…

চৰকাৰৰ সিদ্ধান্তই এতিয়া বাৰুকৈয়ে বিপদত পেলাইছে খেতিয়ক সকলক। হালৰ বলধ নাথাকিলে খেতি চপাব নোৱাৰিব, নোৱাৰিব মৰনা মাৰিব। হয়তু পথাৰত শুনিবলৈ পোৱা নাযাব খেতিয়কৰ সেই শব্দ, ‘ঐ ৰঙা ঘূৰ ! ঘূৰ ! চুঃ চুঃ বগা ঘূৰ ঘূৰ’।

নাহৰকটীয়াৰ পৰা বুলন কুমাৰ শইকীয়াৰ ৰিপৰ্ট

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...