কাগজ কল কৰ্মচাৰীক দৰমহা দি দিম, কিন্তু তেওঁলোকৰ নিজৰ মাজতে কাজিয়া আছে : হিমন্ত বিশ্ব শৰ্মা

নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

নামৰূপ সাৰ কাৰখানা পুনৰুদ্ধাৰ কৰাৰ বাবে কথা পাতিছো। নামৰূপত নেন’ ইউৰীয়া উৎপাদন কৰাৰ বাবে পৰামৰ্শ প্ৰধানমন্ত্ৰীৰ। OIL-ONGC সন্দৰ্ভতো আলোচনা হৈছে। ONGCৰ ভিতৰতে Special project vehicle এটা বনাব পাৰি তাৰ ওপৰত প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিলোঁ। গৃহমন্ত্ৰীৰ লগত অসম-মিজোৰাম সীমা সমস্যাক লৈ কথা হ’ল।

NLFBৰ বহু ল’ৰা মূলসুঁতিলৈ ঘূৰি আহিছে। বড়োভূমিত সশস্ত্ৰ সংগ্ৰাম প্রায় শেষ হ’ল বুলি ক’ব পাৰোঁ। NRC reverification process আৰম্ভ হ’ব ক’ভিড মহামাৰীৰ পাছত। আজি নিশা ৮.৩০ বজাত অসমৰ সাংসদ সকলক সাক্ষাৎ কৰিম। শেহতীয়া অসম-মিজোৰামৰ সমস্যাক লৈ প্রধানমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰিছে।

যি JOINT STATEMENT দুয়ো ৰাজ্যই প্ৰকাশ কৰিলে, তাৰ আঁৰত প্ৰধানমন্ত্ৰী মোদীৰো অৰিহণা আছে। ১ ইঞ্চি- ২ ইঞ্চি মাটিকলৈ দুখন ৰাজ্যই যুঁজি থকাৰ কোনো অৰ্থ নাই, সকলো ভাৰতৰে মাটি। ইতিহাসত আমি কোনো ৰাজ্যৰ পৰা আমি অকণো মাটি বিচাৰি পোৱা নাই। ডিমাপুৰখন লৈ মই কি কৰিম, ডিমাপুৰ ভাৰতৰে মাটি। মই যেতিয়াই দিল্লী আহোঁ, প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰো।

কোনোবাই যদি অসমৰ জনসংখ্যা নীতিখন ভালকৈ চাই তেন্তে যিকোনো ৰাজ্যই আমাক অনুসৰণ কৰিব। এতিয়া মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাৰ কোনো চিন্তা-চৰ্চা নাই। দুয়োটা পেপাৰ মিলৰ কৰ্মচাৰীক মাতি মই কৈ দিছোঁ যে ৬৩০ কোটি টকাৰ দৰমহা দি দিম, কিন্তু তেওঁলোকৰ নিজৰ মাজতে কাজিয়া আছে, ১০ দিনৰ ভিতৰতে তেওঁলোকক দি দিম বুলি কৈছোঁ।

যিহেতু ১২৫ বছৰত প্ৰথমবাৰ অসমে এটা অলিম্পিকত পদক পাইছে সেয়েহে লাভলীনাক ক’ভিড প্ৰট’কলৰ মাজতে সম্বৰ্ধনা জনোৱা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...