বাংলাদেশৰ লোভঃ সংকটত ইলিছ

✒️অচিন্ত্য শৰ্মা

সংকটত ইলিছ
পাতৰ পৰা হেৰাব অভিজাত মাছ
সীমা চেৰাইছে বাংলাদেশৰ অত্যাচাৰ

হয়, হয়তো আৰু কিছুবছৰৰ ভিতৰত ভাৰতত সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব ইলিছ মাছ। ইলিছ শূণ্য হৈ পৰিব গংগা নদীত। ইয়াৰ প্ৰাথমিক আভাস ইতিমধ্যেই পোৱা গৈছে। আৰু অবাঞ্ছিত পৰিঘটনাৰ মূল খলনায়ক হৈছে ভাৰতৰ বাবে ফ্ৰেংকেনষ্টাইন হৈ উঠা ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ তথা সেই দেশখনৰ অধিবাসী বাংলাদেশীহঁত। বাংলাদেশত হোৱা অত্যাধিক মত্স্য স্বীকাৰ, বিশেষকৈ ইলিছ মাছ চিকাৰৰ পৰিণতিতে গংগাৰ উজনিৰ পিনে হেৰাই গৈছে এই গুৰুত্বপূৰ্ণ মাছবিধ। লক্ষ্যণীয়ভাবে ভাৰত, বাংলাদেশ আৰু ম্যানমাৰেই অকলেই বিশ্বৰ মুঠ ইলিছৰ ৯৬% উত্পাদন কৰে। ইয়াৰ ভিতৰত অকল বাংলাদেশে উত্পাদন কৰে প্ৰায় ৮৭ শতাংশ ইলিছ মাছ। ভাৰতে উত্পাদন কৰে ৮ শতাংশ আৰু ম্যানমাৰে উত্পাদন কৰে প্ৰায় ৪ শতাংশ ইলিছ। অৰ্থাৎ বাংলাদেশক একপ্ৰকাৰ পৃথিবীৰেই ইলিছৰ ভাণ্ডাৰ বুলি ক’ব পাৰি। বাংলাদেশৰ এই ইলিছ মাছ পদ্ম নদীৰে উজান গংগাত প্ৰবেশ কৰে আৰু গংগাৰে উজাই আহি আগ্ৰা পৰ্যন্ত পায়হি। গংগাৰ এই অংশটোত নিদিষ্ট খাতুত মাছবোৰে কণী পাৰে আৰু বংশবৃদ্ধি ঘটায়। যাৰ বাবে প্ৰায় সমগ্ৰ গংগানদী বছৰজুৰি ভৰি থাকে ইলিছ মাছেৰে।

কিন্তু শেহতীয়াভাবে এই প্ৰক্ৰিয়া বাধাগ্ৰস্ত হৈছে। বাংলাদেশত বিস্ফেৰিত জনসংখ্যা, বৰ্দ্ধিত লোভ আৰু অন্যান্য কাৰণত অবৈজ্ঞানিকভাবে চিকাৰ কৰা হৈছে প্ৰচুৰ ইলিছ মাছ। বছৰৰ সকলো খাতুতে, আনকি নিষিদ্ধ বতৰতো মাছ মৰা হৈছে। আঠুৱাৰ পোৱালিও ধৰা হৈছে। আনহাতে ভূতৰ ওপৰত দানহ পৰাদি মানুহৰ এই প্ৰত্যক্ষ অত্যাচাৰৰ লগতে প্ৰকৃতিৰ প্ৰতিশোধেও বাংলাদেত, বিশেষকৈ পদ্মা নদীত উদ্বেগজনকভাবে ইলিছৰ উত্পাদন কমাই আনিছে। নদীৰ গৰাখহনীয়া, জলবায়ুৰ পৰিবৰ্তন আৰু ভয়াবহ জলপ্ৰদূষণে বাংলাদেশত ইলিছৰ জন্মহাৰ উদ্বেগজনকভাবে হ্ৰাস কৰিছে আৰু একপ্ৰকাৰ নিঃশেষ কৰিছে গংগা নদীত। যি গংগা নদীৰ উত্তৰপ্ৰদেশ অংশত পূৰ্বে প্ৰতি হেক্টৰত প্ৰায় ৫ কিলোগ্ৰাম ইলিছ পোৱা গৈছিল, তাত প্ৰতি হেক্টৰত এতিয়া প্ৰায় ২৩০ গ্ৰাম মানকৈহে ইলিছ মাছ পোৱা যায়। একেদৰে গংগাৰ বিহাৰ অংশত প্ৰতি হেক্টৰত পূৰ্বে গড় হিচাপত ডেৰ কিলোগ্ৰামকৈ ইলিছ মাছ পোৱাৰ বিপৰীতে বৰ্তমান আধা কিলোগ্ৰামো উপলব্ধ নহয়। ইয়াৰ বিপৰীতে ২০০৮-২০০৯ চনত বাংলাদেশে ২.৯ লাখ মেট্ৰিক টন ইলিছ মাছ চিকাৰ কৰাৰ বিপৰীতে ২০১৯-২০২০ চনত দেশখনে চিকাৰ কৰিছিল ৫.৬ লাখ মেট্ৰিক টন ইলিছ। এই পৰিসংখ্যাইয়ে নিশ্চয় দেখুৱাই দিযে ভাৰত কিয় ইলিছ শূন্য হ’বলৈ গৈ আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...