IIT গুৱাহাটীত ক’ভিডৰ ভয়াৱহ ৰূপ, অৰ্ধশতাধিক ছাত্ৰ, অধ্যাপকৰ দেহত মাৰাত্মক ক’ভিড

নৱবৰ্ষৰ আৰম্ভণিতে পুনৰ দ্ৰুতগতিত বাঢ়িছে সংক্ৰমণ। এইবাৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত কোভিডৰ সংক্ৰমণ। IITৰ অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ। আক্ৰান্তসকলৰ অধিকাংশই ৰাজ্যৰ বাহিৰৰ বিভিন্ন পৰা অহা শিক্ষাৰ্থী। চলিত সপ্তাহত হঠাৎ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। কেইবাজনো বিষয়া, কৰ্মচাৰী আৰু অধ্যাপকৰ দেহতো পোৱা গৈছে ক’ভিডৰ উপস্থিতি। আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা বাহিৰলৈ অহা–যোৱা বন্ধ কৰা হৈছে শিক্ষাৰ্থীৰ। ইতিমধ্যে ক’ভিড পজিটিভ ৰোগীৰ চিকিত্সাৰ বাবে নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ আৰু আছুতীয়া কক্ষ। উল্লেখ্য যে, কেৱল IITতে নহয়, অসমৰো বিভিন্ন শিক্ষানুষ্ঠানতো বৃদ্ধি পাইছে কভিড। IITৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়, বি বৰুৱা, তেজপুৰ, নলবাৰী, লামডিং, নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজ আৰু শিলচৰৰ শিক্ষানুষ্ঠানত পোৱা গৈছিল কভিড সংক্ৰমণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...