কংগ্রেছ ক্ষমতালৈ আহিলে মাহে ৮৫০০ টকাকৈ দিব শিক্ষিত নিবনুৱাক

দিল্লী বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত

অনাগত দিল্লী বিধানসভাৰ নিৰ্বাচনৰ বাবে ভোটাৰক আকৰ্ষণ কৰাৰ বাবে ইটোৰ পাছত সিটো প্রতিশ্রুতি ইতিমধ্যে আপ আৰু বিজেপিয়ে দি আছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই কংগ্রেছ দলো। দিল্লীত ক্ষমতালৈ আহিলে, এবছৰৰ বাবে দিল্লীৰ শিক্ষিত নিবনুৱালৈ ৮৫০০ টকাকৈ দিয়াৰ প্রতিশ্রুতি দিছে দেওবাৰে কংগ্ৰেছ দলটোৱে। এ আই চি চিৰ সাধাৰণ সম্পাদক শচীন পাইলটে এখন সংবাদমেলত এই কথা সদৰী কৰি কয় যে ‘যুৱ উড়ন যোজনা’ নামৰ এটা আঁচনিৰ অধীনত এই বিত্তীয় সাহায্য শিক্ষিত নিবনুৱাসকলক প্ৰদান কৰা হ’ব, এইটো বিনামূলীয়া নহয়। এটা কোম্পানী, ফেক্টৰী বা সংস্থাত তেওঁলোকৰ দক্ষতা দেখুৱাব পাৰিলেহে তেওঁলোকক এই বিত্তীয় সাহায্য দিয়া হ’ব। এই কোম্পানীসমূহৰ জৰিয়তে তেওঁলোকে ধন পাব। ঘৰত বহিয়েই এই আঁচনিৰ অধীনত তেওঁলোকে ধন নাপাই বুলি পাইলটে মন্তব্য কৰে। উল্লেখযোগ্য যে বিগত ৬ জানুৱাৰীত ‘প্যাৰী দিদি যোজনা’ৰ অধীনত মহিলাসকলৰ বাবে ২৫০০ টকাকৈ মাহিলি বিত্তীয় সাহায্যৰ কথা কংগ্ৰেছে ঘোষণা কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...