কংগ্রেছ ক্ষমতালৈ আহিলে মাহে ৮৫০০ টকাকৈ দিব শিক্ষিত নিবনুৱাক

দিল্লী বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত

অনাগত দিল্লী বিধানসভাৰ নিৰ্বাচনৰ বাবে ভোটাৰক আকৰ্ষণ কৰাৰ বাবে ইটোৰ পাছত সিটো প্রতিশ্রুতি ইতিমধ্যে আপ আৰু বিজেপিয়ে দি আছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই কংগ্রেছ দলো। দিল্লীত ক্ষমতালৈ আহিলে, এবছৰৰ বাবে দিল্লীৰ শিক্ষিত নিবনুৱালৈ ৮৫০০ টকাকৈ দিয়াৰ প্রতিশ্রুতি দিছে দেওবাৰে কংগ্ৰেছ দলটোৱে। এ আই চি চিৰ সাধাৰণ সম্পাদক শচীন পাইলটে এখন সংবাদমেলত এই কথা সদৰী কৰি কয় যে ‘যুৱ উড়ন যোজনা’ নামৰ এটা আঁচনিৰ অধীনত এই বিত্তীয় সাহায্য শিক্ষিত নিবনুৱাসকলক প্ৰদান কৰা হ’ব, এইটো বিনামূলীয়া নহয়। এটা কোম্পানী, ফেক্টৰী বা সংস্থাত তেওঁলোকৰ দক্ষতা দেখুৱাব পাৰিলেহে তেওঁলোকক এই বিত্তীয় সাহায্য দিয়া হ’ব। এই কোম্পানীসমূহৰ জৰিয়তে তেওঁলোকে ধন পাব। ঘৰত বহিয়েই এই আঁচনিৰ অধীনত তেওঁলোকে ধন নাপাই বুলি পাইলটে মন্তব্য কৰে। উল্লেখযোগ্য যে বিগত ৬ জানুৱাৰীত ‘প্যাৰী দিদি যোজনা’ৰ অধীনত মহিলাসকলৰ বাবে ২৫০০ টকাকৈ মাহিলি বিত্তীয় সাহায্যৰ কথা কংগ্ৰেছে ঘোষণা কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...