‘মই ট্ৰাম্পৰ ইতিবাচক মন্তব্যৰ প্ৰতিদান দিম’, ট্ৰাম্পৰ বন্ধুত্বৰ বাৰ্তাৰ পিছত মোদীৰ পোষ্ট

ভাৰতৰ বিষয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ইতিবাচক মন্তব্যৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বাৰ্তা প্ৰকাশ কৰিছে। তেওঁ জনাইছে যে, এই ইতিবাচক মন্তব্যৰ প্ৰতিদান তেওঁ দিব। ট্ৰাম্পৰ অৱস্থানৰো প্ৰশংসা কৰিছে মোদীয়ে। এই পৰিপ্ৰেক্ষিতত বহুতৰে প্ৰশ্ন— তেন্তে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কৰ বৰফ এতিয়া গলিবলৈ আৰম্ভ কৰিছে নেকি?

শনিবাৰে পুৱা মোদীয়ে দুশাৰীৰ এটা বাৰ্তাৰে এটা পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, “ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অনুভৱ আৰু আমাৰ সম্পৰ্কৰ বিষয়ে তেওঁৰ ইতিবাচক মন্তব্যৰ প্ৰশংসা কৰিছো। আমি ইয়াৰ সম্পূৰ্ণ প্ৰতিদান দিম।” পৰৱৰ্তী বাক্যত মোদীয়ে কয়, “ভাৰত আৰু আমেৰিকাৰ মাজত অতি ইতিবাচক, ভৱিষ্যতমুখী আৰু কৌশলগত অংশীদাৰিত্ব আছে।”

শেহতীয়াকৈ এছচিঅ’ সন্মিলনত যোগ দিবলৈ মোদী চীনলৈ গৈছিল। তাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে তেওঁৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল। মোদী-পুটিন-জিনপিঙৰ সেই ফটো পোষ্ট কৰি শুকুৰবাৰে ট্ৰাম্পে সামাজিক মাধ্যমত কটাক্ষ কৰিছিল। তেওঁ লিখিছিল, “ভাৰত আৰু ৰাছিয়াক আমি চীনৰ অন্ধকাৰত হেৰুৱাই পেলালো। তেওঁলোকৰ ভৱিষ্যতৰ বাবে শুভেচ্ছা।” কিন্তু কেইঘণ্টাৰ ভিতৰতে ট্ৰাম্পে নিজৰ মত সলনি কৰে। হোৱাইট হাউছত সাংবাদিকৰ সৈতে বৈঠকত সংবাদ সংস্থা এএনআইৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “ভাৰতক হেৰুৱাই পেলোৱা নাই! মোদী মোৰ অতি ভাল বন্ধু, এই বন্ধুত্ব সদায় থাকিব। তেওঁ এজন অতি ভাল প্ৰধানমন্ত্ৰী। আমেৰিকা আৰু ভাৰতৰ মাজত এটা বিশেষ সম্পৰ্ক আছে। ভয়ৰ কোনো কাৰণ নাই।” মোদীৰ বিষয়ে ক’বলৈ গৈ ট্ৰাম্পে আৰু কয়, “আপোনালোকে জানে, মোদীৰ সৈতে মোৰ সম্পৰ্ক অতি ভাল। দুমাহমান আগতে তেওঁ ইয়ালৈ আহিছিল। আমি ৰ’জ গাৰ্ডেনলৈ গৈ সাংবাদিকৰ সৈতে বৈঠকো কৰিছিলো।”

শনিবাৰে পুৱা মোদীয়ে এএনআইৰ এই সংক্ৰান্তীয় পোষ্ট শ্বেয়াৰ কৰি ট্ৰাম্পৰ বক্তব্যৰ ওপৰত বাৰ্তা প্ৰকাশ কৰিছে।

ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক আৰু মোদীৰ সৈতে বিশেষ বন্ধুত্বৰ কথা উল্লেখ কৰিলেও ট্ৰাম্পে জনাইছে যে, ৰাছিয়াৰ পৰা ভাৰতৰ তেল কিনাৰ বিষয়ে তেওঁ হতাশ। এই হতাশাৰ কথা তেওঁ ভাৰতকো জনাইছে। শুকুৰবাৰে ট্ৰাম্পৰ বক্তব্যৰ কোনো উত্তৰ দিবলৈ ইচ্ছুক নাছিল ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱাল। এই বিষয়ৰ প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে – আমেৰিকা আৰু ভাৰতৰ মাজত বাণিজ্যিক বুজাবুজিৰ বাবে আলোচনা চলি আছে। এইবাৰ দুই ৰাষ্ট্ৰপ্ৰধানৰ কথা-বতৰাত সম্পৰ্কৰ বৰফ গলাৰ ইংগিত পোৱা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...