মিঠাই খোৱাৰ পূৰ্বে এশবাৰ ভাবক, অসাধু ব্যৱসায়ীয়ে আপোনাকো খুৱাব পাৰে গাঞ্জা মিহলি মিঠাই

আশাৰ সঞ্চাৰ কঢ়িয়াই অনা ফাকুৱাক লৈ দেশজুৰি আনন্দ। দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ফাকু খেলি আনন্দ-উল্লাস কৰা দেখা গৈছে সকলোকে। ইয়াৰ মাজতে সংঘটিত হৈছে সকলোকে আচৰিত কৰা এক ঘটনা। হোলীৰ আনন্দৰ মাজতে বজাৰত উভৈনদী গাঞ্জা মিহলি মিঠাই।

মিঠাই খোৱাৰ পূৰ্বে এশবাৰ ভাবক। উৎসৱৰ এই আনন্দৰ মাজত মিঠাই খাওতে সাৱধান হওক। আপোনাৰ অজ্ঞাতে একাংশ অসাধু ব্যৱসায়ীয়ে আপোনাক খুৱাব পাৰে গাঞ্জা মিহলি মিঠাই। সম্প্ৰতি সংবাদ শিৰোনাম দখল কৰিছে এনে এক ঘটনাই। ঘটনা হাইদৰাবাদৰ। য’ত হোলীৰ আনন্দৰ মাজতে একাংশ ব্যৱসায়ীয়ে বিক্ৰী কৰিলে গাঞ্জা মিহলি মিঠাই। এই ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে তিনিজনকৈ লোকক। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...