মিঠাই খোৱাৰ পূৰ্বে এশবাৰ ভাবক, অসাধু ব্যৱসায়ীয়ে আপোনাকো খুৱাব পাৰে গাঞ্জা মিহলি মিঠাই

আশাৰ সঞ্চাৰ কঢ়িয়াই অনা ফাকুৱাক লৈ দেশজুৰি আনন্দ। দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ফাকু খেলি আনন্দ-উল্লাস কৰা দেখা গৈছে সকলোকে। ইয়াৰ মাজতে সংঘটিত হৈছে সকলোকে আচৰিত কৰা এক ঘটনা। হোলীৰ আনন্দৰ মাজতে বজাৰত উভৈনদী গাঞ্জা মিহলি মিঠাই।

মিঠাই খোৱাৰ পূৰ্বে এশবাৰ ভাবক। উৎসৱৰ এই আনন্দৰ মাজত মিঠাই খাওতে সাৱধান হওক। আপোনাৰ অজ্ঞাতে একাংশ অসাধু ব্যৱসায়ীয়ে আপোনাক খুৱাব পাৰে গাঞ্জা মিহলি মিঠাই। সম্প্ৰতি সংবাদ শিৰোনাম দখল কৰিছে এনে এক ঘটনাই। ঘটনা হাইদৰাবাদৰ। য’ত হোলীৰ আনন্দৰ মাজতে একাংশ ব্যৱসায়ীয়ে বিক্ৰী কৰিলে গাঞ্জা মিহলি মিঠাই। এই ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে তিনিজনকৈ লোকক। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...