বৰপেটাত বিহ দি নিধন কৰা হ’ল শতাধিক চৰাই

গুৱাহাটী, ২০ জুলাই, NKTV: ৰাজ্যত পুনৰ সংঘটিত হৈছে পক্ষী নিধনৰ ঘটনা। বৰপেটাৰ শিলাগাঁৱত খেতিত বিহ দি নিধন কৰা হৈছে শতাধিক চৰাই। এই ঘটনাক গুৰুত্ব সহকাৰে লৈ জিলা প্ৰশাসনৰ নিৰ্দেশ ক্ৰমে ইতিমধ্যে তদন্তৰ আৰম্ভ কৰিছে বৰপেটা পশু চিকিৎসা বিভাগে। ঘটনা সন্দৰ্ভত সোধ-পোছৰ বাবে মান্নান আলী নামৰ এজন লোকক আটক কৰিছে। ঘটনা সম্পৰ্কত মুন্নাফ আৰু চুৰমান আলী নামৰ লোক দুজনকো বৰপেটা সদৰ থানাত হাজিৰ হ’‍বলৈ নিৰ্দেশ দিছে আৰক্ষীয়ে। উল্লেখ্য যে, যোৱা নিশা জিলা উপায়ুক্তৰ নিৰ্দেশৰ পিছতেই পশু চিকিৎসা বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ বিষক্ৰিয়াত মৃত্যু হোৱা চৰাইসমূহৰ নমুনা সংগ্ৰহ কৰে। মৃত চৰাইৰ নমুনা পৰীক্ষাৰ বাবে গুৱাহাটীৰ ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। শিলাগাঁৱৰ আচমত আলী আৰু নৱাব আলী নামৰ দুজন লোকে দুদিন পূৰ্বে কেইবাবিঘা মাটিত শালি ধানৰ কঠীয়া সিচিছিল। কঠিয়া সিঁচাৰ সময়ত ধানবোৰ চৰায়ে খাই অনিষ্ট কৰিব নোৱাৰাকৈ কৃষক দুজনে কঠীয়াত ছটিয়াই দিছিল বিষাক্ত দ্ৰব্য। যাৰ ফলত ঘনচিৰিকা, কপৌ, শালিকা, পোহনীয়া হাঁহ পাৰকে ধৰি বিভিন্ন পক্ষী মৃত্যুমুখত পৰে। স্থানীয় ৰাইজে দোষীক শীঘ্ৰেই শাস্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...