বৰপেটাত বিহ দি নিধন কৰা হ’ল শতাধিক চৰাই

গুৱাহাটী, ২০ জুলাই, NKTV: ৰাজ্যত পুনৰ সংঘটিত হৈছে পক্ষী নিধনৰ ঘটনা। বৰপেটাৰ শিলাগাঁৱত খেতিত বিহ দি নিধন কৰা হৈছে শতাধিক চৰাই। এই ঘটনাক গুৰুত্ব সহকাৰে লৈ জিলা প্ৰশাসনৰ নিৰ্দেশ ক্ৰমে ইতিমধ্যে তদন্তৰ আৰম্ভ কৰিছে বৰপেটা পশু চিকিৎসা বিভাগে। ঘটনা সন্দৰ্ভত সোধ-পোছৰ বাবে মান্নান আলী নামৰ এজন লোকক আটক কৰিছে। ঘটনা সম্পৰ্কত মুন্নাফ আৰু চুৰমান আলী নামৰ লোক দুজনকো বৰপেটা সদৰ থানাত হাজিৰ হ’‍বলৈ নিৰ্দেশ দিছে আৰক্ষীয়ে। উল্লেখ্য যে, যোৱা নিশা জিলা উপায়ুক্তৰ নিৰ্দেশৰ পিছতেই পশু চিকিৎসা বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ বিষক্ৰিয়াত মৃত্যু হোৱা চৰাইসমূহৰ নমুনা সংগ্ৰহ কৰে। মৃত চৰাইৰ নমুনা পৰীক্ষাৰ বাবে গুৱাহাটীৰ ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। শিলাগাঁৱৰ আচমত আলী আৰু নৱাব আলী নামৰ দুজন লোকে দুদিন পূৰ্বে কেইবাবিঘা মাটিত শালি ধানৰ কঠীয়া সিচিছিল। কঠিয়া সিঁচাৰ সময়ত ধানবোৰ চৰায়ে খাই অনিষ্ট কৰিব নোৱাৰাকৈ কৃষক দুজনে কঠীয়াত ছটিয়াই দিছিল বিষাক্ত দ্ৰব্য। যাৰ ফলত ঘনচিৰিকা, কপৌ, শালিকা, পোহনীয়া হাঁহ পাৰকে ধৰি বিভিন্ন পক্ষী মৃত্যুমুখত পৰে। স্থানীয় ৰাইজে দোষীক শীঘ্ৰেই শাস্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানী সীমান্তৰ নেঘেৰীবিলত পুনৰ উচ্ছেদৰ প্ৰস্তুতি, ৫৯টা পৰিয়ালক ঘৰ খালী কৰাৰ নিৰ্দেশ

মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত পুনৰ উচ্ছেদ অভিযানক লৈ...

বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৩ গৱেষক-শিক্ষাবিদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ২০২৬ চনৰ Stanford/Elsevier Top...

ডুবাই যোৱাৰ সপোন দেখোঁতেই বিমান হ’ল মিছ! নিচাসক্ত অৱস্থাত বিমানবন্দৰৰ পাৰ্কিঙতে টোপনি গ’ল যাত্ৰী

ডুবাই যোৱাৰ পৰিকল্পনা আছিল, কিন্তু বিমানত উঠাৰ সলনি বিমানবন্দৰৰ...

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫০ টকালৈ বৃদ্ধি, ডিজেলৰ শুল্ক হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কেন্দ্ৰৰ

পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে...