কোন বিভাগ-কাৰ্যালয়ে দিবলৈ আছে কিমান টকাৰ বিজুলী বিল?

গুৱাহাটী, ১৯ জুলাই, NKTV: আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে ৬.১০ কোটি টকা বিজুলী বিল পৰিশোধ কৰিবলৈ আছে। বিধান সভাৰ মজিয়াত উন্মোচিত হৈছে এই কথা। বিধান সভাত দাখিল কৰা তথ্য অনুসৰি DGP কাৰ্যালয়ৰ IGP (SB)য়ে ৩৮ লাখ, আৰক্ষী গৃহ নিৰ্মাণ নিগমে ৬৩ লাখ, DGP (যোগাযোগ)ৰ কাৰ্যালয়ে ৬৩ লাখ, DIG (BORDER)ৰ কাৰ্যালয়ে ২২ লাখ, IGP (কাৰাগাৰ) কাৰ্যালয়ে ১১ লাখ আৰু সঞ্চালক (গৃহৰক্ষী) কাৰ্যালয়ৰ ১০ লাখ টকা দিবলৈ বাকী আছে। বিধান সভাত কংগ্ৰেছ বিধায়ক বসন্ত দাসৰ প্ৰশ্নৰ উত্তৰত শক্তি বিভাগৰ মন্ত্ৰীয়ে এই তালিকা দাখিল কৰিছে। সৰ্বাধিক ২৬.৮৪ কোটি টকা জনস্বাস্থ্য কাৰিকৰী বিভাগে, ১৫ কোটি টকা উপায়ুক্ত আৰু মহকুমাধিপতি কাৰ্যালয়ৰ বাবদ সাধাৰণ প্ৰশাসন বিভাগে দিবলৈ বাকী আছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ১২.৬২ কোটি, জলসিঞ্চন বিভাগে ১০.৩৩ কোটি, বন বিভাগে ৫.৭৩ কোটি, লোক নিৰ্মাণ বিভাগে ৪.৭৬ কোটি টকা দিবলৈ বাকী আছে। চৰকাৰী বিভাগসমূহে চৰকাৰক মুঠতে ১২৭.৫৬ কোটি টকা দিবলৈ বাকী আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...