ধলাইৰ খুলিছৰাত মিজোৱে জ্বলালে অসমৰ গাঁও

গুৱাহাটী, ২০ জুলাই, NKTV: অসম-মিজোৰাম সীমান্তত অব্যাহত আছে মিজোৰ আগ্ৰাসন। মিজো দুৰ্বৃত্তৰ উপদ্ৰৱ সহিব নোৱাৰি এতিয়া অসম মিজোৰাম সীমান্তৰ পৰা পলাইছে অসমৰ গঞা। শিলচৰৰ ধলাই বিধানসভা সমষ্টিৰ মিজোৰাম সীমান্তত নগাৰ আগ্ৰাসন অব্যাহত আছে। দক্ষিণ ধলাইৰ খুলিছৰা অঞ্চলত মিজো আৰক্ষীয়ে কেইবাখনে গাঁও জ্বলাই দিয়াৰ খবৰ আহিছে। খুলিছৰা খালৰ দক্ষিণ পাৰত মিজোৰাম আৰক্ষী বাহিনীৰ আই আৰ বাহিনীয়ে চলোৱা উপদ্ৰৱত থাকিব নোৱাৰি অসমৰ একাংশ বাসিন্দাই ঘৰৰ সা-সামগ্ৰী লৈ নিৰাপদ ঠাইলৈ পলায়ন কৰিছে। সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি হৈছে। উল্লেখ্য যে,মুখ্যমন্ত্ৰীয়ে সীমান্ত সমস্যাক লৈ মুখ্য সচিব পৰ্যায়ত আলোচনা অব্যাহত আছে বুলি আজি প্ৰকাশ কৰিছে যদিও মিজো আৰক্ষীয়ে অসমৰ ভূমিত বেদখল চলাই থকাৰ খবৰ আহিছে প্ৰতিদিনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...