চন্দ্ৰপুৰত জাবৰ পেলোৱাত নিষেধাজ্ঞা উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী, ২০ জুলাই, NKTV:  বিগত প্ৰায় এমাহ ধৰি চন্দ্ৰপুৰত অব্যাহত আছে ডাম্পিং গ্ৰাউণ্ড বিৰোধী প্ৰতিবাদ। চন্দ্ৰপুৰৰ ৰাইজে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতেই প্ৰদীপ বৰুৱা নামৰ লোকজনে গুৱাহাটী উচ্চ ন্যায়ালয়ত চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধিতা কৰি এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল। আবেদনখনৰ শুনানি গ্ৰহণ কৰি সোমবাৰে উচ্চ ন্যায়ালয়ে ডাম্পিং গ্ৰাউণ্ড সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য দিয়ে। লগতে বিষয়টো সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৪ দিনৰ ভিতৰত শুনানি গ্ৰহণ কৰিব। তেতিয়ালকৈ অনাগত ১৪ দিনৰ বাবে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষক চন্দ্ৰপুৰ ডাম্পিং গ্ৰাউণ্ডত জাবৰ নেপেলাবলৈ নিৰ্দেশ দিছে। ন্যায়ালয়ৰ ৰায়ক চন্দ্ৰপুৰৰ ৰাইজে সন্মান জনাইছে যদিও বিভিন্ন দল সংগঠন আৰু ৰাইজে চন্দ্ৰপুৰত গুৱাহাটীৰ জাৱৰেৰে কোনো ধৰণৰ সাৰ প্ৰকল্পই হওক বা শক্তি উৎপাদন প্ৰকল্প স্থাপন কৰাটো মানি নলয় বুলি জানিবলৈ দিছে। যেতিয়ালৈকে চৰকাৰে এই সিদ্ধান্ত সম্পূৰ্ণৰূপে বাতিল নকৰে তেতিয়ালৈকে ৰাইজে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...