ধঁপাতৰ ওপৰত কৰ বৃদ্ধিৰ দাবীৰে গুৱাহাটীত মানৱ-শৃংখল

ধঁপাতৰ ভয়াবহতাৰ পৰা যুৱ প্ৰজন্মক ৰক্ষাৰ আহ্বানেৰে ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীলৈ শতাধিক ছাত্ৰ-ছাত্ৰীৰ পত্ৰ প্ৰেৰণ

ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতি বাৰে গুৱাহাটীত শতাধিক ছাত্র-ছাত্ৰীয়ে মানৱ শৃংখলৰ জৰিয়তে ধঁপাতৰ ওপৰত কৰ বৃদ্ধি কৰি মানুহৰ জীৱন ৰক্ষা কৰিবলৈ দাবী জনায়। গুৱাহাটীৰ ঐতিয্যমণ্ডিত কামৰূপ অকাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে আজি পুৱা এক মানৱ শৃংখলৰ দ্বাৰা দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ ওচৰত এই দাবী উত্থাপন কৰে। কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমৰ উদ্যোগত কনজিউমাৰ ভয়েচ, নতুন দিল্লী আৰু সেউজ অসমৰ সহযোগত আয়োজিত মানৱ শৃংখল কাৰ্যসূচীত অংশ লোৱা ছাত্র-ছাত্ৰী সকলে হাতে হাতে প্লে-কাৰ্ড লৈ কৰ বৃদ্ধিৰ দ্বাৰা যুৱ প্ৰজন্মক ধঁপাত ব্যৱহাৰৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনায়।

ধঁপাত বিৰোধী এই মানৱ শৃংখল কাৰ্যসূচীত উপস্থিত থাকি কামৰূপ অকাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কাবেৰী বৰাই প্ৰতিজন ছাত্র-ছাত্ৰীকে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী ব্যৱহাৰৰ পৰা সমগ্ৰ জীৱন আঁতৰি থাকিবলৈ আহ্বান জনাই কয় – ধঁপাত ব্যৱহাৰৰ ফলত বিভিন্ন ধৰণৰ ভয়াবহ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে। মানৱ শৃংখলত অংশ লৈ কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় – শেহতীয়া সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰত ধঁপাত ব্যৱহাৰকাৰী দেশ হিচাপে দ্বিতীয় স্থানত আছে। দেশৰ ১৩ৰ পৰা ১৫ বছৰৰ ভিতৰৰ ছাত্র-ছাত্ৰীৰ এক পঞ্চমাংশই ধঁপাত সেৱন কৰে। কৰ বৃদ্ধিৰ জৰিয়তে ধঁপাত ৰ মূল্য অধিক বৃদ্ধি কৰিলেহে ধঁপাতৰ ব্যৱহাৰ বর্তমানৰ তুলনাত বহু শতাংশ হ্ৰাস পাব বুলি বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্ট কৰি দিছে। মানৱ শৃংখলত অংশ লোৱা ছাত্ৰ-ছাত্ৰী সকলে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধান মন্ত্ৰী লৈ পত্ৰ প্ৰেৰণ কৰি ধঁপাতৰ ওপৰত কৰ বৃদ্ধিৰ জৰিয়তে যুৱ প্ৰজন্মৰ জীৱন ৰক্ষা কৰিবলৈ মুকলি আহ্বান জনায়। অনুষ্ঠানত বিদ্যালয় খনৰ শিক্ষক ক্ৰমে প্ৰণীতা শৰ্মা বৰদলৈ, নন্দিতা ডেকা আৰু জিতু খনিকৰেও ধঁপাত ব্যৱহাৰৰ অপকাৰীতা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী সকলক বিস্তৃতভাৱে অৱগত কৰে।লগতে বিদ্যালয়ৰ শিক্ষাৰ্থী দীপাংকৰ চৌধুৰী, বিশাল দাসে ধঁপাত সেৱনৰ পৰিমাণ যে কিমান ভয়াবহ সেই বিষয়ে কয়। এই কাৰ্যসূচীত ‘সেউজ অসম’ৰ সভাপতি পিয়ালী ঘোষ দে, সদস্য অনুপমা ডেকা উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...