ভূৰাগাঁও ভ্ৰমণ কৰি ২০জুনত সংঘটিত ঘটনাৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, ২৫ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ ভূৰাগাঁও ভ্ৰমণ কৰি যােৱা ২০ জুনত ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ এগৰাকী নাবালিকাক আতিশয্য চলাই হত্যা কৰা ঘটনাৰ তদন্তৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে মৰিগাওঁ জিলাৰ আৰক্ষী অধীক্ষক অপর্ণা নটৰাজনক এই ঘটনাৰ লগত জড়িতসকলক তৎকালে কৰায়ত্ত কৰাৰ লগতে দোষীক আইন অনুসৰি দৃষ্টান্তমূলক শাস্তি প্রদানৰ বাবে যথােচিত পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে দুৰ্ভগীয়া নাবালিকাগৰাকীৰ পিতৃ-মাতৃৰ সৈতে বার্তালাপ কৰে আৰু তেওঁলােকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই ঘটনাত জড়িতসকলক কোনােপধ্যে সাৰি যাবলৈ দিয়া নহ’ব বুলি তেওঁ পৰিয়ালটোক আশ্বাস প্রদান কৰে। প্ৰতিটো জীৱনেই অমূল্য বুলি মন্তব্য কৰি তেওঁ কয় যে এইধৰণৰ জঘন্য ঘটনাৰ যাতে ভবিষ্যতে পুনৰাবৃত্তি হ’ব নােৱাৰে, সেয়া সুনিশ্চিত কৰিবই লাগিব। মুখ্যমন্ত্ৰীয়ে আৰক্ষী অধীক্ষকগৰাকীক এই গােচৰটো এনেধৰণে মােকাবিলা কৰিবলৈ নির্দেশ দিয়ে, যাতে মহিলাৰ বিৰুদ্ধে হােৱা অপৰাধ ৰােধত ই এক উল্লেখযােগ্য উদাহৰণ হিচাপে পৰিগণিত হয়। আজিৰ এই ভ্রমণকালত সাংসদ দিলীপ শইকীয়া, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, লাহৰীঘাট সমষ্টিৰ বিধায়ক ড° আচিফ মহম্মদ নাজৰ, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত আৰু জিলাখনৰ আৰক্ষী তথা অসামৰিক প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...