আজিয়েই কাৰাগাৰৰ পৰা ওলাব অখিল গগৈ

গুৱাহাটী, ২৫ জুন, NKTV: সুদীৰ্ঘ ডেৰ বছৰৰ মূৰত মাতৃ-পুত্ৰক সাক্ষাতৰ অনুমতি অখিল গগৈক। আদালতক কৰা আবেদনৰ ভিত্তিত শুকুৰবাৰে দুদিনৰ বাবে অনুমতি NIAৰ আদালতৰ। এছক’ৰ্টসহ মাতৃ–পুত্ৰক সাক্ষাতৰ বাবে যাব পাৰিব কাৰাৰুদ্ধ বিধায়ক অখিল গগৈ। প্ৰাপ্ত তথ্য অনুসৰি, আজিয়েই কাৰাগাৰৰ পৰা ওলাব অখিল গগৈ। নিশা ৮ বজাত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাব শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকী। আজি নিশা নিজৰাপাৰৰ বাসগৃহত থাকিব অখিল গগৈ। মাতৃৰ লগতে পুত্ৰকো সাক্ষাতৰ অনুমতি পাইছে গগৈয়ে। ক’ভিডত আক্ৰান্ত হৈ আৰোগ্য হৈছে অখিলৰ পুত্ৰ। সুদীৰ্ঘ ডেৰ বছৰৰ মূৰত পত্নী-পুত্ৰক লগ পাব অখিলে। শনিবাৰে পুৱা অখিল গগৈ ৰাওনা হ’ব যোৰহাটলৈ। যোৰহাটত মাতৃৰ সৈতে দুদিন কটাব অখিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এই স্বৰ্ণ ৰাইজৰ আশীৰ্বাদৰ ফল…’ স্বগৃহলৈ উভতি আবেগিক লাভলীনা

এছিয়ান গেমছত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা...

চকুৰে নেদেখিলেও হাতৰ পৰশত প্ৰাণ পায় বাঁহ-বেতে; ৫১ বছৰ ধৰি বাঁহ-বেতৰ শিল্পৰ মাজেৰে জীৱন যুঁজ ৬৭ বছৰীয়া কুশল ফুকনৰ

দুয়োটা চকুৰে নেদেখে তেওঁ। স্কুলীৰ দিনতে দুৰ্ভাগ্যজনকভাৱে হেৰুৱাইছিল দৃষ্টিশক্তি।...

পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় নানা পাটেকৰক; পুনেত বিয়লি ৪ বজাত সম্পন্ন হ’ব শেষকৃত্য

প্ৰবীণ অভিনেতা নানা পাটেকৰৰ শেষকৃত্য আজি পুনেৰ ডোঞ্জে অঞ্চলত...