১ৰ পৰা ১৫ আগষ্টৰ ভিতৰত হ’ব HSLC, HSSLC পৰীক্ষা

গুৱাহাটী, ৮ জুন, NKTV: জনতা ভৱনত শিক্ষামন্ত্ৰী, SEBA, AHSEC, স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰে আলোচনাত মিলিত আছু, নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, অসম সাহিত্য সভা। আগন্তুক মেট্ৰিক,উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত আলোচনা। দল-সংগঠন কেইটাই জনালে নিজৰ মতামত। আগষ্টৰ প্ৰথম সপ্তাহত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিকল্পনা। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে চৰকাৰক আহ্বান সংগঠন কেইটাৰ।

৩ খন প্ৰশ্নকাকতৰ পৰীক্ষা ৩ দিনৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা। ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখি শৈক্ষিক বৰ্ষ নষ্ট নকৰাকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা আছুৰ। চেপ্তেম্বৰ মাহৰ ৫ তাৰিখৰ ভিতৰত মেট্ৰিক, উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণাৰ আহ্বান। এই পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানিবলৈও আহ্বান আছুৰ।

পৰীক্ষা সন্দৰ্ভত এবছুৰ বিষয়ববীয়াৰো মন্তব্য – পৰীক্ষা কেন্দ্ৰত যাতে অযথা ভিৰ নহয় তাৰ প্ৰতি চৰকাৰে ব্যৱস্থা হাতত ল’ব লাগে। পৰীক্ষাৰ বিষয় পূৰ্বতকৈ সংকোচিত হ’ব লাগে। কেৱল মাত্ৰ ৩টা বিষয়তে ১০০ নম্বৰকৈ পৰীক্ষা অনুষ্ঠিত কৰিলে উত্তম হ’ব। বাৰিষা যিহেতু সমাগত গতিকে তাৰ আগতে পৰীক্ষা কেনেদৰে অনুষ্ঠিত কৰিব পাৰি তাৰ সুপৰিকল্পনা কৰিব লাগে।

আগন্তুক ১৫ আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰি ৫ চেপ্তেম্বৰৰ পূৰ্বে ফলাফল ঘোষণাৰ পোষকতা এবছুৰ। শিক্ষামন্ত্ৰীৰে আলোচনা সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য- কোনো কাৰণতে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাবৰ্ষ ক্ষতি হ’ব নোৱাৰিব। ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যজনিত সমস্যা থাকিব নোৱাৰিব। ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ বিঘ্নিত হ’ব নোৱাৰিব। অহা ১০ দিনৰ ভিতৰত চৰকাৰে পৰীক্ষা পতা সন্দৰ্ভত স্পষ্টকৈ প্ৰকাশ কৰিব। এই পৰিস্থিতিৰ মাজত ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনা অব্যাহত থাকিবলৈ আহ্বান ভট্টাচাৰ্যৰ।

পৰীক্ষাৰ দিনকেইটাত দোকান-পোহাৰ বন্ধ ৰখাৰ প্ৰস্তাৱ সংগঠনকেইটাৰ। গ্ৰীন কৰিড’ৰ কৰি পৰীক্ষাৰ্থীক পৰীক্ষাগৃহলৈ অনাৰ ব্যৱস্থা কৰাৰো প্ৰস্তাৱ দিলে সংগঠন কেইটাই।

ইফালে, বৈঠকৰ পিছত জনতা ভৱনত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ সংবাদমেল

আমি পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত। ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ আশা দেখিছো। পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে সংকোচিত বিষয়েৰে পৰীক্ষা অনুষ্ঠিত হ’ব। অহা এসপ্তাহ-দহ দিনৰ ভিতৰত এই সম্বন্ধে স্পষ্টকৈ জনোৱা হ’ব। জুলাই মাহত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ পৰিৱেশ অনুকূল নহ’ব। ১ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ’ব।পৰীক্ষা সন্দৰ্ভত শিক্ষা বিভাগে প্ৰকাশ কৰিব SOP। ১৮ বছৰৰ উৰ্ধৰ পৰীক্ষাৰ্থীসকলক ভেকচিন দিয়া হ’ব। বৰ্তমান ১৮ বছৰ তলৰ পৰীক্ষাৰ্থীক ভেকচিন দিয়াৰ কোনো পৰিকল্পনা নাই। সেয়েহে ক’ভিড বিধি সম্পূৰ্ণ পালন কৰা হ’ব : ডাঃ ৰণোজ পেগু।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...