পুৰণি প্ৰশ্নকাকত, বহীৰেই হ’ব এইবাৰৰ মেট্ৰিক পৰীক্ষা, আন এক বিতৰ্কত ছেবা

পুনৰ বিতৰ্কত অসম মাধ্যমিক শিক্ষা পৰিষদ। হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’বলৈ মাজত মাথোঁ এটা সপ্তাহ বাকী। তেনে সময়তে ২০২১ৰ প্ৰশ্নকাকত আৰু উত্তৰবহীৰে মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি কৰা ঘোষণাক লৈ সৃষ্টি হৈছে বিতৰ্ক। ২০২১ত বাতিল হোৱা মেট্ৰিকৰ প্ৰশ্নকাকতৰে অনুষ্ঠিত হ’ব ২০২২ বৰ্ষৰ মেট্ৰিক পৰীক্ষা। প্ৰশ্নকাকত ছপোৱাৰ ব্যায় সংকোচনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্তব্য শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ। ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকসকলৰ মাজত। কোভিডৰ বাবে ২০২১ বৰ্ষৰ মেট্ৰিক পৰীক্ষা দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা ৩০ শতাংশ পাঠ বাদ পৰিছিল। পাঠ্যক্ৰমৰ পৰা ৩০ শতাংশ পাঠ বাদ কৰাৰ ভিত্তিত ছেবাই প্ৰস্তুত কৰিছিল প্ৰশ্নকাকত। কিন্তু কোভিডৰ বাবে অনুষ্ঠিত নহ’ল পৰীক্ষা। কিন্তু ২০২২ বৰ্ষত দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা ৪০ শতাংশ পাঠ বাদ দিয়াৰ কথা ঘোষণা কৰিছিল। যাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক। ১০ শতাংশ পাঠ্যক্ৰমৰ পৰা ১০-২০ নম্বৰ থকাটো নিশ্চিত। এসপ্তাহৰ পূৰ্বে ছেবাৰ এই ঘোষণাই বিবুধিত পেলাইছে শিক্ষাৰ্থীসকলক। ছেবাই মেট্ৰিক পৰীক্ষাৰ নামত পঞ্জীয়ন মাচুল ৬৫০ টকা। কেন্দ্ৰৰ মাচুল ৩০০ টকা, ব্যৱহাৰিক পৰীক্ষা মাচুল ১৫০ টকা সংগ্ৰহেৰে সংগ্ৰহ কৰিছে কোটি কোটি টকা। এই সংগ্ৰহ খৰচ নহ’লে শিক্ষাৰ্থীসকলে পুনৰ এই মাচুল ঘূৰাই পাবনে তাক লৈয়ো এতিয়া উত্থাপন হৈছে প্ৰশ্নৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...