HS পৰীক্ষা(বিশেষ)ৰ ফলাফল ঘোষণা, কোন বিভাগত কিমান উত্তীৰ্ণ?

ঘোষণা হ’ল HS চূড়ান্ত পৰীক্ষাৰ(বিশেষ) ফলাফল। দিনৰ ১২ বজাৰ লগে লগে ৱেবচাইটযোগে প্ৰকাশ কৰে ফলাফল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনুষ্ঠিত কৰিছিল পৰীক্ষা। ১০ আৰু ১১ নৱেম্বৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। সেই পৰীক্ষাৰ ফলাফল আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰে। সেই অনুসৰি বিজ্ঞান শাখাত ৩২০গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪৬৬গৰাকী, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৬৭ শতাংশ। আনহাতে, কলা শাখাত উত্তীৰ্ণ ৫০৯গৰাকী পৰীক্ষাৰ্থী। কলা শাখাত অৱতীৰ্ণ হৈছিল ৮৭৪গৰাকী, কলা শাখাত উত্তীৰ্ণৰ হাৰ ৫৮.২৪ শতাংশ। ইফালে, বাণিজ্যত ৭১গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৪২গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে এইবাৰৰ পৰীক্ষাত। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৫৯.১৫ শতাংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...