HS পৰীক্ষা(বিশেষ)ৰ ফলাফল ঘোষণা, কোন বিভাগত কিমান উত্তীৰ্ণ?

ঘোষণা হ’ল HS চূড়ান্ত পৰীক্ষাৰ(বিশেষ) ফলাফল। দিনৰ ১২ বজাৰ লগে লগে ৱেবচাইটযোগে প্ৰকাশ কৰে ফলাফল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনুষ্ঠিত কৰিছিল পৰীক্ষা। ১০ আৰু ১১ নৱেম্বৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। সেই পৰীক্ষাৰ ফলাফল আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰে। সেই অনুসৰি বিজ্ঞান শাখাত ৩২০গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪৬৬গৰাকী, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৬৭ শতাংশ। আনহাতে, কলা শাখাত উত্তীৰ্ণ ৫০৯গৰাকী পৰীক্ষাৰ্থী। কলা শাখাত অৱতীৰ্ণ হৈছিল ৮৭৪গৰাকী, কলা শাখাত উত্তীৰ্ণৰ হাৰ ৫৮.২৪ শতাংশ। ইফালে, বাণিজ্যত ৭১গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৪২গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে এইবাৰৰ পৰীক্ষাত। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৫৯.১৫ শতাংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...