ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত হৃদয় হাজৰিকাৰ সাফল্য

অসমৰ হৃদয় হাজৰিকাই কেৰেলাত অনুষ্ঠিত হোৱা ৬৫ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিঙ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে। আজি অনুষ্ঠিত হোৱা ফাইনেল খেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন পঞ্জাৱৰ অৰ্জুন বাবুতাই হৃদয়ক ১৬-৮ পইন্টৰ ব্যৱধানত পৰাজিত কৰি সোণৰ পদক লাভ কৰে। ব্ৰঞ্জৰ পদক অৰ্জন কৰে আৰ্মিৰ সন্দীপে। যোৱা কালি অনুষ্ঠিত হোৱা কোৱালিফিকেচন মেচত প্ৰাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন হৃদয়ে ৬২৯.২ পইণ্ট অৰ্জন কৰি ফাইলত প্ৰবেশ কৰে। ক’ৰনাত আক্ৰান্ত আৰু ভৰিৰ আঙুলিৰ আঘাটৰ বাবে যোৱা সময় ছোৱাত হৃদয়ে ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল। বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু শ্বুটাৰ জনে নতুন দিল্লীৰ নেচনেল চেন্টাৰ অফ এক্সলেঞ্চত প্ৰশিক্ষক দীপক কুমাৰ ডুবেৰ তত্বাৱধানত অনুশীলন কৰি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...