ক্ৰিকেটাৰ সৃষ্টিৰ বাবে আন্তঃগাঁথনি বিকাশ – উন্নত প্ৰশিক্ষণত গুৰুত্ব ACAৰ সভাপতি তৰংগ গগৈৰ

ৰাজ্যত ভাল ক্ৰিকেটাৰ সৃষ্টিৰ বাবে অসম ক্ৰিকেট সন্থাই অনাগত দিনত গুৰুত্ব আৰোপ কৰিব। ইয়াৰ বাবে ক্ৰিকেটৰ আন্তঃগাথনিৰ উন্নতি সধাৰ লগতে প্ৰশিক্ষণৰ মান উন্নয়নৰ ব্যৱস্থা কৰিব অসম ক্ৰিকেট সন্থাই ।

সন্থাৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত সোমবাৰে গুৱাহাটীত বেলতলা ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন কৰি গগৈয়ে এইদৰে কয় । অসমে অচিৰেই এজন টেষ্ট ক্ৰিকেটাৰ সৃষ্টি কৰিব পাৰিব বুলিও অসম ক্ৰিকেট সন্থাৰ নৱ নিৰ্বাচিত সভাপতিজনে আশা প্ৰকাশ কৰে।

উল্লেখ্য যে দক্ষিণ গুৱাহাটীৰ বৃহৎ অংশৰ দীঘ দিনীয়া অভাৱ পূৰ্ণ কৰি ৪ গৰাকী উদ্যমী ব্যক্তিয়ে বনগাঁওৰ দক্ষিণ বেলতলা উচ্চ বিদ্যালয় খেলপথাৰত এই কেন্দ্ৰ স্থাপন কৰা হৈছে। ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি প্ৰণয় বৰদলৈৰ পৌৰহিত্যত আয়োজিত এই অনুষ্ঠানত পৌৰ নিগমৰ পাৰিষদ প্ৰফুল্ল মহন্ত, মানবেন্দ্ৰ গোস্বামী, পুলিন সাহা আদিয়েও বক্তব্য প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...