ক্ৰিকেটাৰ সৃষ্টিৰ বাবে আন্তঃগাঁথনি বিকাশ – উন্নত প্ৰশিক্ষণত গুৰুত্ব ACAৰ সভাপতি তৰংগ গগৈৰ

ৰাজ্যত ভাল ক্ৰিকেটাৰ সৃষ্টিৰ বাবে অসম ক্ৰিকেট সন্থাই অনাগত দিনত গুৰুত্ব আৰোপ কৰিব। ইয়াৰ বাবে ক্ৰিকেটৰ আন্তঃগাথনিৰ উন্নতি সধাৰ লগতে প্ৰশিক্ষণৰ মান উন্নয়নৰ ব্যৱস্থা কৰিব অসম ক্ৰিকেট সন্থাই ।

সন্থাৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত সোমবাৰে গুৱাহাটীত বেলতলা ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন কৰি গগৈয়ে এইদৰে কয় । অসমে অচিৰেই এজন টেষ্ট ক্ৰিকেটাৰ সৃষ্টি কৰিব পাৰিব বুলিও অসম ক্ৰিকেট সন্থাৰ নৱ নিৰ্বাচিত সভাপতিজনে আশা প্ৰকাশ কৰে।

উল্লেখ্য যে দক্ষিণ গুৱাহাটীৰ বৃহৎ অংশৰ দীঘ দিনীয়া অভাৱ পূৰ্ণ কৰি ৪ গৰাকী উদ্যমী ব্যক্তিয়ে বনগাঁওৰ দক্ষিণ বেলতলা উচ্চ বিদ্যালয় খেলপথাৰত এই কেন্দ্ৰ স্থাপন কৰা হৈছে। ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি প্ৰণয় বৰদলৈৰ পৌৰহিত্যত আয়োজিত এই অনুষ্ঠানত পৌৰ নিগমৰ পাৰিষদ প্ৰফুল্ল মহন্ত, মানবেন্দ্ৰ গোস্বামী, পুলিন সাহা আদিয়েও বক্তব্য প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...