সীমাঞ্চলৰ শান্তি: হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্বলতাৰ আঁৰত কিহৰ অংক

0 2,845

✒️ অচিন্ত্য শৰ্মা

লাহে লাহে শান্ত হ’ব ধৰিছে আন্ত:ৰাজ্যিক সীমাঞ্চল। স্বাভাবিক হ’ব ধৰিছে অসম আৰু মেঘালয়ৰ মাজৰ সম্পৰ্ক। চুবুৰীয়া ৰাজ্যখনৰ আন্ত:ৰ্ভাগত অসমীয়া এতিয়াও আতংকত আছে যদিও উঠাই দিয়া হৈছে অসমৰ যানবাহন মেঘালয়ত প্ৰৱেশৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা। হয়তো অহা কেইদিনমানৰ ভিতৰত সম্পূৰ্ণ স্বাভাবিক হৈ পৰিব সমগ্ৰ পৰিস্থিতি। নিশ্চিতভাবে অসম আৰু চুবুৰীয়া ৰাজ্যৰ মাজৰ এনে অশান্তি নতুন নহয়। পূৰ্বেও সীমাঞ্চল জ্বলিছে, মানুহ আক্ৰান্ত হৈছে। পিচে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰৰ পৰিস্থিতিত যেনে আচৰণ কৰিছে, সেই আচৰণে গঢ়িছে দুৰ্বলতাৰ নতুন নজিৰ। মেঘালয়ৰ যি বনদস্যুৱে অসমৰ নিৰাপত্তাৰক্ষীক হত্যা, কৰিছে আৰক্ষীৰ গুলিত নিহত সেই বনদস্যুৰ পৰিয়ালকে অসম চৰকাৰে লাখ লাখ টকাৰ সাহায্য দিছে, অসমৰ হকে দৃঢ় স্থিতি লোৱা আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু খোদ অসমৰ মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক দিছে সংযম হোৱাৰ পৰামৰ্শ। ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এগৰাকী চতুৰ ৰাজনীতুক তথা কঠোৰ প্ৰশাসকৰ এনে অভাৱনীয় আচৰণে সকলোকে আশ্চৰ্যণ্বিত কৰিছে। বহুতে হাবাথুৰি খাইছে শক্তিশালী মুখ্যমন্ত্ৰীগৰাকীৰ এনে দুৰ্বলতাৰ প্ৰকৃত কাৰণ বিচাৰি।

আমাৰ হাতত পৰা তথ্য অনুসৰি এনে দুৰ্বলতাৰ কাৰণ দিছপুৰ বা শ্বিলঙত নাই। ইয়াৰ কাৰণ আছে নতুন দিল্লীতহে। অহা ফেব্ৰুৱাৰী মাহতেই অনুষ্ঠিত হ’ব মেঘালয় বিধানসভাৰ পৰৱৰ্তী নিৰ্বাচন। পাহাৰীয়া ৰাজ্যখনত ক্ষমতাৰ সোৱাদ পোৱা বিজেপিয়ে এই ক্ষমতা হেৰুৱাব নোখোজে। সেয়ে পৰৱৰ্তী নিৰ্বাচনতো NDA বা নেডা ক্ষমতালৈ অহাটো নিশ্চিত কৰিব খোজে বিজেপিৰ শীৰ্ষ নেতৃত্বই। পিচে ২২ নৱেম্বৰৰ ঘটনাই হঠাৎ মেঘালয়বাসীৰ চকুত দুৰ্বল তথা খলনায়কত পৰিণত কৰি পেলালে তেওঁলোকৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাক। প্ৰত্যহ্বান আহি পৰিল NDA আৰু নেডাৰ নেতৃত্বৰ সন্মুখত। আৰু সেই প্ৰত্যাহ্বান অতিক্ৰম কৰি দুৰ্বল মুখ্যমন্ত্ৰী তথা জাতিৰ খলনায়কত পৰিণত হোৱা কনৰাড চাংমাক শক্তিশালী মুখ্যমন্ত্ৰী আৰু জাতিৰ নায়কত পৰিণত কৰাৰ স্বাৰ্থতে বলিৰ পাঠা সজোৱা হ’ল হিমন্ত বিশ্ব শৰ্মাক। ড০ শৰ্মাক অসমৰ দুৰ্বল মুখ্যমন্ত্ৰী তথা জাতিৰ বাবে খলনায়ক সজাই হ’লেও কনৰাড চাংমাক হেৰোৱা ভাবমূৰ্তি উদ্ধাৰ কৰি তেওঁক শক্তিশালী মুখ্যমন্ত্ৰী তথা জাতিৰ নায়কত পৰিণত কৰাত বিজেপি নেতৃত্বত সফল হ’ল। বৰঞ্চ ২২ নৱেম্বৰৰ ঘটনাৱলী পিছত কনৰাড চাংমাৰ স্থিতি, কাৰ্য-ব্যৱস্থা প্ৰতিক্ৰীয়া আৰু ভাষ্যই তেওঁৰ ভাবমূৰ্তি পূৰ্বতকৈও অধিক উজ্বলহে কৰি তুলিলে। বিনিময়ত মিজৰ ভাবমূৰ্তি বলি দিব লগা হ’ল হিমন্ত বিশ্ব শৰ্মাই। দৰাচলতে ২২ নবেম্বৰ পিছত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাটো সন্দৰ্ভত প্ৰদান কৰা ভাষ্য আৰু গ্ৰহণ কৰা ব্যৱস্থা উভতি আছিল দলৰ শীৰ্ষ নেতৃত্ব নিৰ্দেশিত। আৰু এই নিৰ্দেশৰ পৰিণতিও আজি সকলোৰে চকুৰ আগত। এতিয়া অপেক্ষা মাথোন ২০২৩ চনৰ ফেব্ৰুৱাৰী-মাৰ্চলৈ। সময়েহে ক’ব, হিমন্ত বিশ্ব শৰ্মাৰ বলিদানে দলক নিৰ্বাচনী ক্ষেত্ৰত কি সুফল দিয়ে।

Leave A Reply

Your email address will not be published.