জনসংখ্যা জেহাদৰ কবলত ইউৰোপ: কি হ’ব ইংলেণ্ডৰ ভবিষ্যত

অচিন্ত্য শৰ্মা

ইছলামিক ৰাষ্ট্ৰ হোৱাৰ পথত আগবাঢ়িছে নেকি ইংলেণ্ড?
প্ৰটেষ্টান্ট খ্ৰীষ্টানৰ শক্তিকেন্দ্ৰতে শেষ হৈ যাব নেকি খৃষ্ট ধৰ্ম?
ইউৰোপত সফল হোৱাৰ দিশত আগবাঢ়িছে নেকি মুছলমানৰ জনসংখ্যা জেহাদ?

এতিয়া সমগ্ৰ পৃথিবীজুৰিয়ে উত্থাপিত হৈছে এনেবোৰ প্ৰশ্ন। কাৰণ ইংলেণ্ডত প্ৰকাশ কৰা হৈছে ২০২১ চনৰ লোকপিয়লৰ তথ্য। উক্ত তথ্য অনুসৰি দেশখনত প্ৰথমবাৰৰ বাবে ৫০ শতাংশৰ তললৈ নামিছে খ্ৰীষ্টানধৰ্মী লোকৰ সংখ্যা। সেই অনুসৰি ইংলেণ্ড আৰু ৱেলছত খ্ৰীষ্টানৰ সংখ্যা হৈছেগৈ মুঠ জনসংখ্যাৰ ৪৬.২ শতাংশ। ২০১১ চনৰ লোকপিয়ল অনুসৰি এই সংখ্যা আছিল ৫৯.৩ শতাংশ। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যা এনেদৰে কমি অহা পৰিঘটনাই এতিয়া গোটেই খ্ৰীষ্টান সমাজকে চিন্তিত কৰি তুলিছে। দু:চিন্তান পৰিছে খোদ ভেটিকানৰ পোপো। মূলত: দেশখনৰ বহুসংখ্যা কমা বুলি প্ৰকাশ কৰিছে পৰ্যবেক্ষকসকলে। ২০১১ চনৰ লোকপিয়লত ইংলেণ্ডৰ ২৫ শতাংশ লোকে নিজকে ধৰ্মবিহীন বুলি কোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৩৭ শতাংশলৈ।

ইফালে ইংলেণ্ড আৰু ৱেলছৰ খ্ৰীষ্টানৰ সংখ্যা এনেদৰে কমি অহাৰ বিপৰীতে দেশখনত তীব্ৰগতিত বৃদ্ধি পাইছে ইছলামিক লোক বা মুছলমানৰ সংখ্যা। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইংলেণ্ডত মাত্ৰ ২৭ লাখ মুছলমান লোকৰ সংখ্যা ৩৯ লাখলৈ বৃদ্ধি পাইছে। আনুপাতিকভাবে এই সংখ্যা মুঠ জনসংখ্যাৰ ৬.৫ শতাংশ। একেটা লোকপিয়লত আৰু প্ৰকাশ পোৱা মতে ইংলেণ্ডৰ ৰাজধানী চহৰ লণ্ডনত মুছলমানৰ সংখ্যা ১৫ শতাংশলৈ বৃদ্ধি পাইছে। ২০১১ চনৰ পিয়ল অনুসৰি লণ্ডনৰ মুঠ জনসংখ্যাৰ ১২.৬ শতাংশ লোকহে মুছলমান আছিল। ইংলেণ্ডত এনেদৰে খ্ৰীষ্টানৰ সংখ্যা হ্ৰাস আৰু মুছলমানৰ সংখ্যাবৃদ্ধিয়ে দূৰদৰ্শী লোকসকলৰ সন্ত্ৰস্ত কৰি তুলিছে। আশংকাৰ সৃষ্টি হৈছে অদূৰ ভবিষ্যতে ইংলেণ্ড মুছলিম সংখ্যাধিক্য হোৱাৰ লগতে অবধাৰিতভাবে এখন ইছলামিক ৰাষ্ট্ৰত পৰিণত হোৱাৰ। এনে আশংকাৰ পেক্ষাপটত এতিয়া ইংলেণ্ডৰ নাস্তিকতাবাদী আৰু ধৰ্মনিৰপেক্ষতাবদীসকলেও নিজৰ লক্ষ্য-উদ্দেশ্য আৰি কৰ্মকলৈ নতুনকৈ চিন্তা কৰাৰ সিদ্ধান্ত লৈছে। তাত্পৰ্যপূৰ্ণভাবে লোকপিয়লৰ তথ্যৰ পৰা ইংলেণ্ডত মুছলমানৰ জনবিস্ফোৰণ ঘটাতো স্পষ্টভাবে ওলাই পৰিছে যদিও বাস্তবিকতে ইউৰোপৰ প্ৰায় প্ৰতিখন দেশেই সন্মুখীন হৈছে একেই পৰিস্থিতিৰ। অনুপ্ৰবেশ আৰু প্ৰব্ৰজনৰ পৰিণতিত সমগ্ৰ ইউৰোপ মহাদেশত বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা। বিশেষকৈ পশ্ছিম এছিয়াৰ সাম্প্ৰতিক যুদ্ধ পৰিস্থিতিয়ে ইউৰোপলৈ প্ৰবল কৰি তুলিছে মুছলিম শৰনাৰ্থীৰ সোঁত। এই মুছলিম শৰনাৰ্থী আৰু অনুপ্ৰবেশকাৰীসকলে উচ্চ জন্মহাৰেৰে অপ্ৰতিহতভাবে চলাই গৈছে জনসংখ্যা জেহাদ। যি জেহাদে আগবাঢ়িছে সফল হোৱাৰ পথত। প্ৰাচীন কালৰ পাৰস্য আৰু আধুনিক যুগৰ লেবাননৰ নিচিনাই নিচিনাই পৰিণতিৰ সন্মুখীন হ’বলৈ গৈ আছে ইউৰোপৰ গৰিষ্ঠসংখ্যক দেশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...