ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত হৃদয় হাজৰিকাৰ সাফল্য

অসমৰ হৃদয় হাজৰিকাই কেৰেলাত অনুষ্ঠিত হোৱা ৬৫ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিঙ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে। আজি অনুষ্ঠিত হোৱা ফাইনেল খেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন পঞ্জাৱৰ অৰ্জুন বাবুতাই হৃদয়ক ১৬-৮ পইন্টৰ ব্যৱধানত পৰাজিত কৰি সোণৰ পদক লাভ কৰে। ব্ৰঞ্জৰ পদক অৰ্জন কৰে আৰ্মিৰ সন্দীপে। যোৱা কালি অনুষ্ঠিত হোৱা কোৱালিফিকেচন মেচত প্ৰাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন হৃদয়ে ৬২৯.২ পইণ্ট অৰ্জন কৰি ফাইলত প্ৰবেশ কৰে। ক’ৰনাত আক্ৰান্ত আৰু ভৰিৰ আঙুলিৰ আঘাটৰ বাবে যোৱা সময় ছোৱাত হৃদয়ে ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল। বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু শ্বুটাৰ জনে নতুন দিল্লীৰ নেচনেল চেন্টাৰ অফ এক্সলেঞ্চত প্ৰশিক্ষক দীপক কুমাৰ ডুবেৰ তত্বাৱধানত অনুশীলন কৰি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...