কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষঃ ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ–শান্তি দেখা যায়৷ দাম্পত্যতো তেনে আভাস আছে৷ শৰীৰ মধ্যম৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক ৷

বৃষঃ কর্মতৎপৰতা বৃদ্ধি পাব৷ তাৰ পৰা নতুন কর্মচাৰীয়ে প্রশংসিত হ’ব৷ আর্থিকত খুব বেয়া নহ’ব আজিৰ দিনটোত৷ দাম্পত্যত মধ্যম৷ সন্তানৰ চিন্তা–আঁত বিচাৰি নাপাব৷ বিদ্যাত উন্নতি৷

মিথুনঃ আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব৷ নিজৰ ভাবমূর্তিৰ প্রতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব৷ বিয়া–বাৰুৰ কথা–বতৰাত আগুৱাব পাৰে৷ প্রেম–প্রীতিত অনুকূল৷

কর্কটঃ উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে৷ কর্মতো মন চঞ্চল হ’ব পাৰে৷ কোনো খবৰত বৰ সুখী নহ’ব পাৰে৷ আর্থিকতো চিন্তা৷ কিবা নতুন চেষ্টাৰ বাবে মনলৈ সাহস গোটাব পাৰিব৷ প্রেমত শুভ৷

সিংহঃ কোনো স্বভাৱগত তেজস্বিতা কাৰো আগত নেদেখুৱাব৷ ইয়াক কর্মৰ মাজতে ব্যৱহাৰ কৰক৷ পিতৃ–মাতৃৰ বাবে সামান্য চিন্তা৷ দাম্পত্যতো কিছু চিন্তা থাকিব৷ অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব৷

কন্যাঃ কিছু সন্দেহ আৰু কষ্টেৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব৷ শৰীৰ মধ্যম৷ মূল কথাত মন দিয়ক, কিছু হ’লেও কৃতকার্য হ’বই৷ ভ্রমণৰ সম্ভাৱনা আছে৷

তুলাঃ কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ৷ শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব৷ কিবা নতুন এটা কৰি দেখুৱাৰো হাবিয়াহ আছে৷

বৃশ্চিকঃ কার্যকৰী সংযোগত অনুকূল৷ আর্থিকতো আশাপ্রদ৷ কিন্তু সাময়িক উৎকণ্ঠা থাকিব৷ মনোবল বঢ়াওক৷ গৃহৰ স্বার্থত কিছুমানত এৰা–ধৰা কৰিব৷ পঢ়াত মধ্যম৷ হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুশ্চিন্তা নানিব৷

ধনুঃ মন ফৰকাল নাথাকিব৷ কর্মক্ষেত্রত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে৷ ঘৰুৱা কথাত সামান্য উদাসীনতা৷ ভ্রমণত কষ্ট৷ নিজৰ ৰুচিৰ কামত অৱশ্যে পৰিৱর্তন নাপাব৷ বাধা দুই–এটা আছে৷

মকৰঃ আর্থিকৰ বাবে কৰা চেষ্টাত কিছু সুফল দেখিব৷ আনহাতে বুজন পৰিমাণৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল৷ বিদ্যাত চিন্তা কম যদিও ব্যস্ততা থাকিব৷ পিছবেলা বিবিধ উন্নতি৷

কুম্ভঃ পিছবেলা কোনো ক্ষেত্রত নিৰাশ হ’ব পাৰে৷ অৱশ্যে আগবেলা তাৰ কিছু ওলোটা ফল দেখিব৷ প্রয়োজনীয় ক্ষেত্রত সেয়ে সাৱধানে চলক৷ দাম্পত্যত মধ্যম৷ শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব৷

মীনঃ কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্রত খুব উৎসাহজনক দেখা নাযায়৷ নিজে ভবা মতে সকলো দিশেই দুৱাৰ খোলা নাপাব৷ শৰীৰ সম্পর্কেও সচেতন থাকক৷ ভ্রণাদিত একেবাৰে অন্য মনস্ক হ’ব৷ দুষ্ট চিন্তা নকৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ফেব্ৰুৱাৰীত ফ্ৰান্সলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আগন্তুক ফেব্ৰুৱাৰী মাহত ফ্রান্স ভ্ৰমণলৈ যাব ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ...

অবিবাহিত লোকৰ এখন গাঁও; ৫০বছৰ পূৰ্বে হৈছিল অন্তিমখন বিয়া

বিহাৰত উপযুক্ত দৰাৰ অভাৱ বুলি প্রায়ে শুনিবলৈ পোৱা যায়।...

আৰম্ভ হ’ল AIৰ ৰাজত্ব… চলিত বর্ষত আমেৰিকাত অনেকেই হেৰুৱাব কর্মসংস্থাপন

চলিত বর্ষটোত কৃত্রিম বুদ্ধিমত্তা (AI)ৰ দপদপনি চলিব। AIৰ বাবে...

৬৫জন বিধায়কৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৮২৯ কোটি টকা

দিল্লীৰ বৰ্তমানৰ ৬৫জন বিধায়কৰ ৰিপ'ৰ্ট কার্ড প্রকাশ পাইছে। নির্বাচন...