নতুন শিক্ষা নীতিয়ে আনিব আমূল পৰিৱৰ্তন; খালী পদ শীঘ্ৰে পূৰণৰ বাবে তৎপৰ শিক্ষা বিভাগ

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতী সকললৈ ভাল খবৰ। ২৭ নৱেম্বৰত দিয়া হ’ব নতুন কলেজ শিক্ষকক নিযুক্তি। ২০২২ চনৰ পৰা মহাবিদ্যালয়ত নাথাকিব একাদশ-দ্বাদশ শ্ৰেণী। মহাবিদ্যালয়ত খালী হৈ থকা শিক্ষকৰ পদ শীঘ্ৰে পূৰণৰ বাবে তৎপৰ শিক্ষা বিভাগ। ২৭ নৱেম্বৰত খালী হৈ থকা মহাবিদ্যালয় সমূহৰ বিভিন্ন বিভাগৰ শিক্ষকৰ পদত দিয়া হ’ব নিযুক্তি।

নতুন শিক্ষা নীতিক শীঘ্ৰে অসমৰ শিক্ষানুষ্ঠানত কাৰ্যকৰী কৰাৰ লক্ষ্য শিক্ষা বিভাগৰ। ২০২২ চনৰ পৰা মহাবিদ্যালয় সমূহত নাথাকিব একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম। নতুন শিক্ষানীতি অনুসৰি, প্ৰাথমিক পৰ্যায়ত বাধ্যতামূলক হ’ব মাতৃভাষা। পঞ্চম শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে নিজ ইচ্ছামতে বাছনি কৰিব পাৰিব ভাষাৰ মাধ্যম। নতুন শিক্ষানীতিৰ ফলত চাকৰি হেৰুৱাব কোনো শংকা নাই আৱাসিক বিদ্যালয়ৰ শিক্ষকৰ। শীঘ্ৰে ৰাজ্যত স্থাপন হ’ব ১০ খনকৈ নতুন আৱাসিক বিদ্যালয়।

ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহত পৰ্যাপ্ত আসনৰ ব্যৱস্থা আছে বুলিও মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। উল্লেখ্য যে, ২০ আৰু ২১ নৱেম্বৰত অনুষ্ঠিত হ’ব উত্তৰ-পূব শৈক্ষিক সন্মিলন। এই সন্মিলন উপস্থিত থাকিব কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ প্ৰধানৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইজন ৰাজ্যৰ শিক্ষামন্ত্ৰী। উক্ত সন্মিলনে নতুন শিক্ষানীতিক কিদৰে আগুৱাই নিব পাৰি ইয়াৰ ওপৰত হ’ব বিস্তৃত আলোচনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...