গৰমৰ দিনত নিজৰ যত্ন লওক এনেদৰে

আকৌ আহিল গৰমৰ বতৰ। গৰমৰ বতৰ বুলি ক’লেই সকলোৰে প্ৰখৰ ৰ’দলৈ মনত পৰে। এই ৰ’দৰ প্ৰকোপত আমাৰ শৰীৰৰ পৰা ওলোৱা ঘামত নানান ফাংগাল ইনফেকচন হোৱা দেখা যায়। ইয়াৰোপৰি অলপতে ভাগৰি পৰা, পেটৰ অসুখ, মুখত নানান ধৰণৰ ফোঁহা উঠা, ফুড পয়জনিং আদি বিভিন্ন সমস্যাই আমাক বিব্ৰত কৰি তোলে।

সেয়ে এই গৰমত সুস্থ হৈ থকাৰ বাবে আমি নিজাববীয়াকৈ কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই গৰমৰ দিনত আমি আমাৰ খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে। ঘৰতেই হওক বা বাহিৰতেই হওক, কেতিয়া কি খাদ্য খোৱাৰ প্ৰয়োজন, কি খাদ্য খালে সু-স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰিব সেই কথা জানি থ’লে আৰু সতৰ্কতা অৱলম্বন কৰিলে গৰমতো নিজৰ সুস্বাস্থ্য বৰ্তাই ৰাখিব পৰা যাব।

পৰ্যাপ্ত পৰিমাণে পানী খাব : পানী আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। গৰমৰ দিনত দিনে অন্তত: ২ লিটাৰ পানী খাব লাগে। গৰমৰ সময়ত ঘামৰ যোগেদি শৰীৰৰ পানী কমি যায়, শৰীৰত পানীৰ পৰিমাণ ঠিক ৰাখিবৰ কাৰণে যথেষ্ট পৰিমাণে পানী খাব লাগে।

ফল-মূল খাব : তৰমুজ, ডাবৰ পানী, জামু আদি গ্ৰীষ্মত হোৱা ফল দিনে অন্তত: এটা খাব পাৰিলেও ভাল। এই ফলবিলাকত ভিটামিন চি, জিংক, এন্টি অক্সিডেন্ট থাকে। ৰসাল ফলবিলাকে শৰীৰত পানীৰ পৰিমাণ বঢ়োৱাত সহায় কৰে।

পাতল আহাৰ খাব: গৰম দিনত অত্যাধিক মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে। তাৰ পৰিবৰ্তে সতেজ আৰু কম প্ৰ’টিনযুক্ত আহাৰ খাব লাগে, যাতে সহজেই হজম হৈ যায়।

কমকৈ খাব : গৰমৰ দিনত বেছিকৈ খাবলৈ মন নাযায়, সেয়ে কেইবাবাৰো কম কমকৈ দিনটোত খাব লাগে।

টোপনি : আমি আমাৰ খাদ্যত যিয়েই অন্তৰ্ভুক্ত নকৰো কিয় টোপনি অবিহনে আমাৰ স্বাস্থ্য ভালে নাথাকে। কেৱল গৰমৰ দিন বুলি নহয়, সকলো দিনতেই আমি ভালকৈ টোপনি যাব লাগে। সুস্থ-সবল হৈ থাকিবলৈ আপুনি দৈনিক ৮-১০ঘণ্টা সময় টোপনি যাব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...