কিমান টকা দৰমহা আৰু কি কি সুবিধা পায় এজন সাংসদে?

সাংসদসকলে মাহিলী ১ লাখ টকাৰ দৰমহা লাভ কৰে। ইয়াৰ উপৰিও তেওঁলোকৰ দৰমহা প্ৰতি ৫ বছৰৰ মূৰে মূৰে দৈনিক ভাট্টা হিচাপে বৃদ্ধি পায়। এই দৰমহাত প্ৰতিমাহে ৫০ হাজাৰ টকাৰ মৌলিক দৰমহা (Basic pay) অন্তৰ্ভুক্ত। সংসদৰ অধিৱেশনত অংশগ্ৰহণৰ বাবেও দৈনিক ভাট্টা হিচাপে ২০০০ টকা লাভ কৰে।

যদি পথেৰে যাতায়াত কৰে তেন্তে সাংসদসকলে প্ৰতি কিলোমিটাৰত ১৬ টকাৰ হাৰত ভাট্টা লাভ কৰে। লগতে প্ৰতিমাহে ৪৫ হাজাৰ টকা সমষ্টিৰ ভাট্টা লাভ কৰে। কাৰ্যালয়ৰ খৰচ হিচাপে প্ৰতিমাহে ৪৫ হাজাৰ টকা লাভ কৰে, য’ত ষ্টেচনাৰী আৰু ডাক খৰচৰ বাবে ১৫ হাজাৰ টকাও লাভ কৰে। এই ভাট্টা সচিব সহায়কৰ মজুৰি প্ৰদানৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়।

প্ৰতিমাহে সাংসদসকলে ৫০০ টকা পৰিশোধ কৰি নিজৰ লগতে পৰিয়ালৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰে। সাংসদসকলক তেওঁলোকৰ কৰ্তব্য পালনত হোৱা খৰচৰ বাবে Travel Reimbursement দিয়া হয়। সাংসদসকলে নিজৰ কাৰ্যকালৰ বাবে ভাড়াবিহীন গৃহৰ সুবিধা লাভ কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

4 COMMENTS

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...