মানুহে ইমান নৃশংস কাম কৰিব পাৰে কেনেকৈ? বিহ দি মাৰিলে কুকুৰা

মানুহে ইমান নৃশংস কাম কৰিব পাৰে কেনেকৈ
এনেকৈ সংঘটিত কৰে হত্যাকাণ্ড
এটা দুটা নহয়, ৪০টা!

পোৱালিকেইটাই পথাৰত খেলি আছিল। তেতিয়াই চুবুৰীয়া আক্ৰোশৰ বলি হল। মৃত অৱস্থাত মোনাত ভৰাই লৈ আনিলে থানালৈ। এওঁ মমিৰ আলী। নাখাই খোৱাইছিল। মৰমত ৰাখিছিল। কিন্তু চুবুৰীয়াই মাৰি পেলালে পোৱালিকেইটাক। থানালৈ আহি দাবী কৰিলে ন্যায়। এই হত্যাকাণ্ডৰ বিচাৰ লাগে।

হাজোত সংঘটিত হ’ল এই নৃশংস ঘটনা
বিহ দি মাৰিলে কুকুৰা

ৰছিদ আলী, মীৰান আলী, আজিদ আলীয়ে কঠিয়া পাৰিছিল। তাৰ বেৰৰ কাষে কাষে ছটিয়াই দিছিল বিহ। তাতেই চৰি আছিল কুকুৰা। সন্ধিয়া ঘৰলৈ কুকুৰাকেইটা ঘূৰি নহাত গৰাকীয়ে বিচাৰিলে পথাৰত। তেতিয়াই দেখিলে পথাৰতে মৃত অৱস্থাত পৰি আছে কেইবাটাও কুকুৰা।

৪০টা কুকুৰা বিহ দি হত্যা কৰাৰ অভিযোগ
আইনৰ পৰা বিচাৰিছে ন্যায়

দাখিল কৰিছে এজাহাৰ। শোকত ম্ৰিয়মান মমিৰ আলী। ৩০ হাজাৰৰো অধিক টকাৰ লোকচান। এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে হাজোত।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...