মানুহে ইমান নৃশংস কাম কৰিব পাৰে কেনেকৈ? বিহ দি মাৰিলে কুকুৰা

মানুহে ইমান নৃশংস কাম কৰিব পাৰে কেনেকৈ
এনেকৈ সংঘটিত কৰে হত্যাকাণ্ড
এটা দুটা নহয়, ৪০টা!

পোৱালিকেইটাই পথাৰত খেলি আছিল। তেতিয়াই চুবুৰীয়া আক্ৰোশৰ বলি হল। মৃত অৱস্থাত মোনাত ভৰাই লৈ আনিলে থানালৈ। এওঁ মমিৰ আলী। নাখাই খোৱাইছিল। মৰমত ৰাখিছিল। কিন্তু চুবুৰীয়াই মাৰি পেলালে পোৱালিকেইটাক। থানালৈ আহি দাবী কৰিলে ন্যায়। এই হত্যাকাণ্ডৰ বিচাৰ লাগে।

হাজোত সংঘটিত হ’ল এই নৃশংস ঘটনা
বিহ দি মাৰিলে কুকুৰা

ৰছিদ আলী, মীৰান আলী, আজিদ আলীয়ে কঠিয়া পাৰিছিল। তাৰ বেৰৰ কাষে কাষে ছটিয়াই দিছিল বিহ। তাতেই চৰি আছিল কুকুৰা। সন্ধিয়া ঘৰলৈ কুকুৰাকেইটা ঘূৰি নহাত গৰাকীয়ে বিচাৰিলে পথাৰত। তেতিয়াই দেখিলে পথাৰতে মৃত অৱস্থাত পৰি আছে কেইবাটাও কুকুৰা।

৪০টা কুকুৰা বিহ দি হত্যা কৰাৰ অভিযোগ
আইনৰ পৰা বিচাৰিছে ন্যায়

দাখিল কৰিছে এজাহাৰ। শোকত ম্ৰিয়মান মমিৰ আলী। ৩০ হাজাৰৰো অধিক টকাৰ লোকচান। এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে হাজোত।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...