হাৰিয়ানাৰ কুৰুক্ষেত্ৰত আয়োজিত আন্তৰ্জাতিক গীতা মহোৎসৱত অসমৰ বাৰেৰহনীয়া সংস্কৃতি প্ৰদৰ্শন

যোৱা ১৭ ৰ পৰা ২৪ ডিচেম্বৰলৈ হাৰিয়ানা চৰকাৰ আৰু কুৰুক্ষেত্ৰ বিকাশ বৰ্ডৰ উদ্যোগত হাৰিয়ানাৰ কুৰুক্ষেত্ৰত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক গীতা মহোৎসৱত এইবাৰ অসম চৰকাৰে সহযোগী ৰাজ্য ৰূপে অংশগ্ৰহণ কৰিছে। আজি হাৰিয়ানা চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে অসমৰ মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই মহোৎসৱত অংশগ্ৰহণ কৰি অসম পেভিলিয়ন পৰিদৰ্শন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰে। উল্লেখ্য যে গীতা মহোৎসৱৰ অসম পেভেলিয়নত এইবাৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত দেশী বিদেশী পৰ্যটকৰ সন্মুথত জিলিকি উঠিছে বাৰেবৰণীয়া অসমীয়া কলা-সংস্কৃতি।

যোৱা ১৭ ডিচেম্বৰত ভাৰতৰ মাননীয় উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াৰ উপস্থিতিত অসম পেভিলিয়নৰ দ্বাৰ মুকলি কৰে। অনুষ্ঠানত অসমৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক মিনাক্ষী দাস নাথো উপস্থিত থাকে।

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে অসমৰ সাংস্কৃতিক কাৰ্যসূচী চাই অভিভূত হোৱাৰ লগতে অসমীয়া খাদ্যৰ সোৱাদো লয়। অসমৰ পৰা যোৱা এশৰো অধিক শিল্পীয়ে গীতা মহোৎসৱত অনুষ্ঠান পৰিবেশন কৰে। অসমৰ দলটিয়ে প্ৰদৰ্শন কৰা সত্ৰীয়া নৃত্য, বিহুনাচ, ভোৰতাল নৃত্য, কামৰূপীয়া ঢুলীয়া, ওজাপালি আৰু অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকনৃত্যৰ লগতে মাজুলীৰ ৰাস তথা ছিপাঝাৰৰ অংকীয়া ভাওনা চাই দেশ-বিদেশৰ পৰা অহা লোক আপ্লুত হয়। তদুপৰি অসম পেভিলিয়নত অসমৰ মুখা শিল্প, বাহ বেতৰ শিল্প, টেৰা কোটা শিল্প, অসমৰ খাদ্য সম্ভাৰ আৰু পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শন কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...