কিয় অসমলৈ আহিব অমিত শ্বাহ, গৃহ মন্ত্ৰীৰ অসম ভ্ৰমণৰ সম্পূৰ্ণ সূচী

দুদিনীয়া ব্যস্ত সূচী লৈ আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি নিশা ১০ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত হ’ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত। নিশাটো কইনাধৰাত কটাই কাইলৈ পুৱা মানকাচৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। মানকাচৰত ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰাৰ লগতে বি এছ এফৰ সৈতে বৈঠকতো মিলিত হ’ব অমিত শ্বাহ। ৯ মে’ দিনৰ ১২.৩০ বজাত তামুলপুৰলৈ যাব অমিত শ্বাহ। তামুলপুৰত আধাৰশিলা স্থাপন কৰিব উত্তৰ-পূবৰ সৰ্ববৃহৎ অস্ত্ৰ ভাণ্ডাৰ। সন্ধিয়া ৬ বজাত গুৱাহাটীত উদ্বোধন কৰিব GMCHৰ নতুন হাস্পতাল। মুকলি কৰিব নৱনিৰ্মিত হৃদৰোগ আৰু স্নায়ু ৰোগ কেন্দ্ৰ। ৯ মে’ৰ নিশাও কইনাধৰাতে কটাব গৃহমন্ত্ৰীগৰাকীয়ে। ১০ মে’ৰ পুৱা নেহৰু ষ্টেডিয়ামত অনুষ্ঠান গৃহমন্ত্ৰীৰ। পুৱা ৯.৩০ বজাত অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব অমিত শ্বাহ। দিনৰ ১.৩০ বজাত চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ বাবে খানাপাৰাত উপস্থিত হ’ব। ১০ মে’ৰ সন্ধিয়া ৫ বজাত কলাক্ষেত্ৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। কলাক্ষেত্ৰৰ পৰাই কেইবাটাও চৰকাৰী গৃহৰ আধাৰশিলা স্থাপন কৰিব। কলাক্ষেত্ৰৰ অনুষ্ঠান সামৰি দিল্লীলৈ উৰা মাৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। ৩ বজাত আমিনগাঁৱত জনগণনা ভৱন মুকলি কৰিব অমিত শ্বাহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...