পুনৰ চীনত কৰোনা সদৃশ ভাইৰাছৰ সংক্ৰমণ

নতুন বছৰৰ আৰম্ভণিতে পুনৰ এবাৰ চীনত দেখা গৈছে কৰোণা সদৃশ ভাইৰাছৰ সংক্ৰমণ। HMPV নামৰ এবিধ ভাইৰাছৰ সংক্ৰমণ হোৱা বুলি চীনৰ বহু প্ৰান্তত ইতিমধ্যে চিকিৎসালয়সমূহত দেখা গৈছে ৰোগীৰ ভিৰ। লাহে লাহে সংক্ৰমণ বৃদ্ধি হোৱাত দেশখনৰ প্ৰায় সংখ্যক লোকে এই সংক্ৰমণৰ বলি হৈছে। বিশেষকৈ চীনৰ দক্ষিণ প্ৰান্তত এই ভাইৰাছবিধৰ সংক্ৰমণ হোৱা বুলি প্ৰকাশ বিশ্বৰ বিভিন্ন সংবাদ মাধ্যমত। ইফালে এই HMPV ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পালেও কিন্তু এই ক্ষেত্রত যিকোনো মন্তব্যৰ পৰা বিৰত আছে চীন। ৰঙা চীনে বৰ্তমান মুহুর্ত পৰ্যন্ত জাৰি কৰা নাই HMPV ভাইৰাছৰ সংক্ৰমণৰ তথ্য। চীনৰ ডিজিজ কন্ট্রোল অথিৰিটিৰ ফালৰ সামান্য শ্বাস প্রশ্বাস সম্বন্ধীয় এক ৰোগৰ সংক্ৰমণ বুলি তথ্য প্ৰকাশ পোৱাত, এতিয়া চিন্তা ব্যক্ত কৰিছে বৈদেশিক মহলে। কিয়নো পূৰ্বেও চীনে কৰ’ণা ভাইৰাছৰ সময়ত তথ্য গোপন কৰাত ভয়াবহ ৰূপ ৰৈছিল ভাইৰাছবিধৰ সংক্ৰমণে। পুনৰ চীনত এই ধৰণৰ ছবি প্ৰকাশ পোৱাত এতিয়া বিশ্বৰ বহু দেশৰ লগতে চিন্তিত হৈ পৰিছে ভাৰত। শনিবাৰে ভাৰতৰ কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে এই ক্ষেত্রত কঢ়া নজৰ ৰখাৰ কথা উল্লেখ কৰে। স্বাস্থ্য মন্ত্রণালয়ে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO কো এই বিষয়ে তথ্য যোগান ধৰাৰ অনুৰোধ কৰে। তেলেংগানা আৰু কেৰেলাৰ ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত সজাগ হৈ থকাৰ কথা উল্লেখ কৰে। ইফালে US center for disease Control ৰ ফালৰ পৰা এই ভাইৰাছবিধক এক সাধাৰণ শ্বাস-প্রশ্বাস সম্বন্ধীয় ভাইৰাছ বুলি সদৰী কৰে। এতিয়া সময়েহে ক’ব চীনৰ এই নতুন ভাইৰাছবিধে কি ৰূপ ধাৰণ কৰে লগতে এই ক্ষেত্ৰত কি ব্যৱস্থা লয় ৰঙা চীনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...