সত্ৰাধিকাৰ জনার্দন দেৱ গোস্বামীক ‘মিঞাৰ এজেন্ট’ বুলি অপমান কৰা বিধায়ক ভুৱন গাম আৰু দীপক গোস্বামীৰ বিৰুদ্ধে সৰৱ হিন্দু যুৱ-ছাত্ৰ

নিজৰ ব্যৰ্থতা ঢাকিবলৈ মাজুলী দক্ষিণপাট গৃহাশ্রমী সত্র সত্ৰাধিকাৰ পূজনীয় শ্রীশ্রী জনার্দন দেৱ গোস্বামীক ‘মিঞাৰ এজেন্ট’ বুলি অপমান কৰা মাজুলীৰ বিধায়ক ভুবন গাম আৰু জিলা সভাপতি দীপক গোস্বামীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে হিন্দু যুব-ছাত্র পৰিষদ, অসম। আজি সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৰ কেন্দ্রীয় ভাৰপ্ৰাপ্ত সভাপতি মাধৱ দাস আৰু সাধাৰণ সম্পাদক অংশুমান শর্মাই কয় যে শেহতীয়াকৈ মাজুলীৰ কৰ্দেগুৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া নিজ চকুৰে পৰিদৰ্শন কৰি ৰাইজৰ দুখ-দুর্দশাৰ কথা দাঙি ধৰা সত্ৰাধিকাৰগৰাকীক বিধায়ক ভুৱন গাম আৰু দীপক গোস্বামীয়ে ব্যক্তিগতভাৱে আক্রমণ কৰা ঘটনাক পৰিষদে কঠোৰভাৱে নিন্দা কৰাই নহয় এনে নিকৃষ্ট মানসিকতাক তীব্র ধিক্কাৰ জনাইছে।

বিবৃতিটোত ৰাষ্ট্রবাদী নেতাদ্বয়ে কয় যে বিগত ২০ বছৰতকৈও অধিক সময় ধৰি মাজুলীৰ ভূখণ্ডৰ সুৰক্ষা, ধর্মান্তৰকৰণ বিৰোধী আন্দোলন আৰু সত্ৰ-সংস্কৃতি ৰক্ষাৰ বাবে মাত মাতি অহা এগৰাকী ৰাষ্ট্ৰবাদী চিন্তাধাৰাত বিশ্বাসী ধর্মগুৰুক তেওঁৰ কৰ্তব্য পালন কৰাৰ বাবেই এনেদৰে ৰাজনৈতিক বং দিয়াটো কেবল অপমান নহয়, ই সমগ্র অসমৰ সনাতনী সমাজৰ আস্থা-বিশ্বাসৰ ওপৰত চৰম আঘাত। তদুপৰি বিজেপিৰ মাজুলী জিলা সমিতিৰ সভাপতি দীপক গোস্বামীয়ে নিজৰ ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবে বিধায়কজনৰ এনে নিকৃষ্ট মন্তব্যক সমর্থন দি সত্ৰাধিকাৰ পদবীক লৈ ৰাজনীতি কৰা কাৰ্যকো পৰিষদে গৰিহণা দিছে। খহনীয়াৰ দৰে জ্বলন্ত সমস্যাৰ সমাধানৰ পৰা দৃষ্টি আঁতৰাই ধর্মগুকগৰাকীৰ সন্মানক লৈ খেল খেলাটো অত্যন্ত লজ্জাজনক।

বিবৃতিটোত দাস আৰু শৰ্মাই অতি কঠোৰ ভাৱে দাবী জনায় যে মাজুলীৰ বিধায়ক ভুৱন গামে ২৪ ঘণ্টাৰ ভিতৰত সত্ৰাধিকাৰগৰাকীৰ ওচৰত তথা অসমৰ সনাতনী সমাজৰ ওচৰত ক্ষমা প্রার্থনা বিচাৰিব লাগিব। আনহাতে বিজেপিৰ ৰাজ্যিক নেতৃত্বই জিলা সভাপতি দীপক গোস্বামীৰ এনে দায়িত্বহীন মন্তব্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব। লগতে মাজুলীক ব্রহ্মপুত্ৰৰ খহনীয়াৰ প্রকোপৰ পৰা ৰক্ষা কৰাৰ বাবে চৰকাৰে অবিলম্বে বৈজ্ঞানিক আৰু স্থায়ী সমাধানৰ আঁচনি ঘোষণা কৰিব লাগিব। অন্যথা পৰিষদে সকীয়াই দিয়ে যে সত্র-সংস্কৃতি আৰু ধর্মগুৰুৰ সন্মানৰ ওপৰত আঘাত অহা কোনো কার্যক সহ্য কৰা নহ’ব। যদি ওপৰোক্ত দাবী মানি লোৱা নহয়, তেন্তে হিন্দু যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি গণতান্ত্রিক আৰু সাংবিধানিক পন্থাৰে তীব্র প্রতিবাদী কার্যসূচী গ্রহণ কৰিবলৈ বাধ্য হ’ব। মাজুলীৰ স্বাৰ্থত মাত মতাৰ বাবে অপমান সহিবলগীয়া হ’লে সেই অপমান সহ্য কৰিবলৈ হিন্দু যুৱ-ছাত্ৰ পৰিষদ সাজু বুলি দোহাৰে নেতাদ্বয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কিশোৰ-কিশোৰীৰ বাবে ব্ৰিটেইন চৰকাৰৰ কঠোৰ পদক্ষেপ: মাজনিশাৰ পৰা পুৱালৈ ছ’চিয়েল মিডিয়াত থাকিব ‘কাৰফিউ’

ডিজিটেল আসক্তি আৰু মানসিক স্বাস্থ্যৰ ক্ষতিৰ পৰা কিশোৰ-কিশোৰীসকলক সুৰক্ষিত...

২৪ ঘণ্টাৰ ভিতৰতে সিদ্ধান্ত সলনি ড’নাল্ড ট্ৰাম্পৰ: উপসাগৰীয় দেশসমূহৰ হেঁচাত বাতিল হ’ল হৰমুজ প্ৰণালীৰ ২০% শুল্ক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেওঁৰ এক নাটকীয় সিদ্ধান্তৰ...

ফিফা বিশ্বকাপ ২০২৬: একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত আৰ্জেণ্টিনা; অনুৰাগীলৈ আৱেগিক বাৰ্তা লিয়নেল মেছিৰ

ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই পুনৰ এবাৰ ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ...