উচ্চ ৰক্তচাপৰ বিষয়ে জানিবলগীয়া বহু কথা

এতিয়াৰ সময়চোৱাত কম বয়সতে লোক সকলক বিভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখা যায়। তাৰ ভিতৰত এটা হ’ল উচ্চ ৰক্তচাপ ৰোগ। বহুজনে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখতো পৰিছে। এই ৰোগ চিকিৎসা কৰি নিৰাময় কৰিব পাৰি, তথাপি এই ৰোগৰ উপযুক্ত চিকিৎসা খুব কম সংখ্যক লোকেহে কৰায়। এই ৰোগৰ এক বৈশিষ্ট্য হ’ল- ৰোগটোৰ চিকিৎসা কৰিলেও বিসংগতিবোৰ সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ নাহিব পাৰে। হাৰ্ট এটেক, ষ্ট্ৰোক আৰু কোনো ক্ষেত্ৰত কিড্‌নি বিকল হোৱাৰ প্ৰধান কাৰণ হ’ল –উচ্চ ৰক্তচাপ। উচ্চ ৰক্তচাপ এনেবিলাক ভয়ানক উপসৰ্গৰ কাৰণ যদিও ই মানৱ শৰীৰৰ বাবে ৰক্তচাপ এক আৱশ্যকীয় আৰু উপকাৰী প্ৰক্ৰিয়া বুলি আজিৰ চিকিৎসা বিজ্ঞানীসকলে স্বীকাৰ কৰি লৈছে। কাৰণ এই প্ৰক্ৰিয়াৰ দ্বাৰাই শৰীৰৰ প্ৰতিটো কোষকলালৈ অক্সিজেনযুক্ত তেজৰ সঞ্চালন সম্পূৰ্ণ হয়।

Count on these 5 simple tips to control high blood pressure | Lifestyle  News,The Indian Express

উচ্চ ৰক্তচাপ প্ৰধানকৈ দুটা কাৰণৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰে এটা হ’ল হৃদযন্ত্ৰৰ তেজ পাম্প কৰি পঠিওৱাৰ শক্তি আৰু অন্যটো হ’ল হৃদযন্ত্ৰৰ পৰা তেজ বৈ নিয়া ধমনীৰ ব্যাস। হৃদযন্ত্ৰৰ পাম্প কৰিব পৰা ক্ষমতা শক্তিশালী হ’লেই ৰক্তচাপো বৃদ্ধি পায়। ধমনীৰ ব্যাস ঠেক হৈ পৰিলেও ৰক্তচাপ বৃদ্ধি পায়। কথাটো শুনাত তেনেই সহজ যেন লাগিলেও প্ৰকৃততে ইয়াৰ অন্তৰ্নিহিত সমস্যাটো অতি ভয়াবহ। উচ্চ ৰক্তচাপ শৰীৰৰ ভালেকেইটা প্ৰয়োজনীয় তন্ত্ৰৰ কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰশীল। স্নায়ু তন্ত্ৰ, হৰম’ন নি:সৰণ প্ৰক্ৰিয়া আৰু কিড্‌নিৰ কাৰ্যপ্ৰণালী আৰু কাৰ্যক্ষমতাৰ ওপৰত পোনপটীয়াকৈ ৰক্তচাপৰ পৰিমাপ নিৰ্ভৰ কৰে। স্বাভাৱিক অৱস্থাত এই প্ৰক্ৰিয়া বা তন্ত্ৰবিলাকে হৃদযন্ত্ৰ আৰু ধমনীবিলাক সুস্থ অৱস্থাত ৰাখি ৰক্তচাপ নিয়ন্ত্ৰিত কৰি ৰখাত সম্পূৰ্ণ সহযোগ কৰে।

What To Eat To Help Raise Low Blood Pressure - Manhattan Cardiology

উচ্চ ৰক্তচাপ ৰোগ কিছুমান সাধাৰণ নিয়ম পালন কৰিব পাৰিলে ৰক্তচাপ নিয়ন্ত্ৰনত ৰাখিব পাৰি। একেখিনি নিয়ম পালনৰ যোগেদিয়ে হয়তো আপুনি ৰক্তচাপ বৃদ্ধি বাধা দি ৰাখিব পাৰিব বা কিছু বছৰলৈ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব। আপোনাৰ শৰীৰৰ ওজন প্ৰয়োজনতকৈ বেছি হ’লে, ওজনৰ পৰিমাণ কমাই ৰাখিব পাৰিলে আপুনি ৰক্তচাপো নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব। খাদ্য নিয়ন্ত্ৰণ আৰু ব্যায়ামৰ যোগেদি শৰীৰৰ ওজন কমাই ৰাখিব পাৰিলে, কোনো ধৰণৰ ঔষধ আদি নোখোৱাকৈয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি। এই ৰোগত ভোগা লোকে ধূমপান কৰাৰ পৰা দূৰত থাকিলে ভাল। চিগাৰেটে ৰক্তচাপ বৃদ্ধি কৰে আৰু ধূমপান ত্যাগ কৰিলে ৰক্তচাপো নামে।ধীৰ-স্থিৰ, হাঁহিমুখীয়া বা ধেমেলীয়া ব্যক্তিও উচ্চ ৰক্তচাপত ভুগে। মানসিক চাপ বা উদ্বেগে উচ্চ ৰক্তচাপ বৃদ্ধি কৰে। অত্যধিক মানসিক উদ্বেগ বা দুশ্চিন্তা লৈ কাম কৰিব লগা ব্যক্তিৰ ৰক্তচাপ অন্য সাধাৰণ ব্যক্তিৰ তুলনাত বেছি হয়।

Natural Ways To Lower Your Blood Pressure

উচ্চ ৰক্তচাপ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যায়াম কৰাটো অত্যান্ত জৰুৰী। ব্যায়াম কৰিলে আপোনাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে আৰু একেটা কাৰণতে ৰক্তচাপো নিয়ন্ত্ৰণত থাকে। ব্যায়ামে কেনেকৈ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে এই বিষয়ে আজিও সঠিককৈ জানিব পৰা হোৱা নাই। নিয়মীয়াকৈ একাধিক ব্যায়াম কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ উপৰিও হাৰ্ট এটেকৰ সম্ভাৱনাও হ্ৰাস পায়। যদি আপুনি শুই বহি সময় কটাই ভাল পোৱা ব্যক্তি আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবৰ বাবে আপুনি ব্যায়াম কৰিবলৈ আৰম্ভ কৰিছেহে, তেনেহ’লে তাৰ ফল পাবলৈ আপুনি কেইমাহমানৰ ভিতৰত লাভ কৰিব। কিন্তু প্ৰতি সপ্তাহত চাৰি বা পাঁচ দিন দিনে আধা ঘণ্টাকৈ সময় খৰকৈ খোজ কাঢ়িলে আপুনি ৰক্তচাপৰ তাৰতম্য দেখা পাব। যদি আপুনি উচ্চ ৰক্তচাপত ভুগি আছে আৰু যদি অতিমাত্ৰা ব্যায়াম কৰাৰ কথা গভীৰভাৱে চিন্তা কৰিছে, তেনেহ’লে আপুনি ব্যায়াম আৰম্ভ কৰাৰ আগতে আপোনাৰ ডাক্তৰৰ পৰামৰ্শ লওক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰ্তমানলৈকে আনুষ্ঠানিক যুদ্ধ বিৰতি হোৱা নাই ইৰাণ–ইজৰাইলৰ!

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা ৬.৩৭ মিনিটত ৰাজ্যৰ ভিন্ন...

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...