কি কি কাৰণত হ’ব পাৰে কঁকালৰ বিষ?

বৰ্তমান সময়ত কঁকালৰ বিষত ভোগা ৰোগীৰ সংখ্যা যথেষ্ঠ বাঢ়ি থকা দেখা গৈছে। প্ৰত্যেকজন ব্যক্তিয়ে এই ৰোগত ভোগে। আমাৰ ৰাজহাৰ ৩৩ ডাল হাৰেৰে গঠিত। এই হাৰৰ মাজেৰে আমাৰ মস্তিষ্কৰ পৰা নাৰ্ভ ৰ এক গুচ্ছ ওলাই আহে। ৰাজহাৰৰ পৰা ৩৩ জোৰা স্নায়ু যাক আমি মেৰু স্নায়ু বুলি কওঁ। আমাৰ শৰীৰৰ বিভিন্ন অংশত ক্রিয়াশীল কৰি তোলে। দুডাল ৰাজহাড়ৰ টুকুৰাৰৰ মাজত স্পঞ্জৰ দৰে এবিধ বস্তু থাকে যাক intervertebral disc বুলি কোৱা হয়। আমাৰ যিকোনো কৰ্মত যদি এই অংশবোৰত হেঁচা পাৰে তেন্তে ৰাজহাৰ পৰা ওলাই অহা নাৰ্ভ বোৰত হেঁচা প্ৰয়োগ কৰে যাৰ ফলত আমি কঁকালত বিষ অনুভৱ কাৰো।

65 Closeup Of Lower Back Pain Stock Photos, Pictures & Royalty-Free Images  - iStock

কঁকালৰ বিষৰ মূল কাৰণ সমূহ হ’ল, অত্যাধিক ভাৰ বহন কৰিলে, বেছিকৈ হালি হালি কাম কৰিলে, বেকাকৈ থিয় হলে, শৰীৰৰ ওজন বঢ়িলে, ৰাজহাড়ৰ ক্ষয় হ’লে, অত্যাধিক খোজ কাঢ়িলে, ৰাজহাড়ৰ ভিতৰত টিউমাৰ হ’লে, শ্লীপ ডিস্ক হ’লে, খাদ্যত কেলচিয়াম আৰু মেগনেছীযামৰ অভাব হলে আৰু আঘাত পালে। লগতে আমি খোৱা খাদ্য যদি ভালদৰে হজম নহয় তেনেহলে ইয়াৰ ফলত পেটত গেছ উদ্ভৱ হয়। যাৰ ফলত আমাৰ ৰাজহাৰ ডাল পিছলৈ ঠেলা খায় আৰু আমি বিষ অনুভৱ কৰোঁ। মহিলাসকলৰ যদি বগা শ্ৰাৱ হয় নতুবা গৰ্ভাশয় আৰু ইয়াৰ আশে পাশে থকা অংশ সমূহৰ কোনো ৰোগ হয় তেতিয়াও কঁকালৰ বিষ হোৱা দেখা যায়। মেৰুদণ্ডত হোৱা ৰোগ কিছুমান যেনে হাড়ৰ যক্ষ্মা ৰোগ, কেন্সাৰ ৰোগ, ৰাজহাড় ভঙা ফলতো কঁকালৰ বিষ হব পাৰে। অৰ্শ ৰোগ, পেটৰ ডিচেণ্টৰী ৰোগ,ৰক্ত হীনত আদি ৰোগটো সময় সাপেক্ষে কঁকালৰ বিষ হোৱা দেখা যায়। বৃক্কত হোৱা পাথৰ ৰোগত কঁকালৰ বিষ হোৱা প্ৰায়েই দেখা যায়। বৃক্কত হোৱা বিভিন্ন ধৰণৰ টিউমাৰ ৰোগত কঁকালৰ বিষ হয়।

Why You May Have One Sided Back Pain - Atlanta, GA - Spine Surgery

এই ৰোগৰ পৰা প্ৰতিকাৰ পাবৰ বাবে পুষ্টিকৰ আহাৰ সেৱন কৰিব লাগে। খাদ্য তালিকাত যাতে উপযুক্ত পৰিমাণৰ কেলচিয়াম আৰু ভিটামিন থাকে তাৰ ওপৰত মনোযোগ দিব লাগিব। কাম বন কৰোঁতে মনত ৰাখিব লাগিব যাতে আমাৰ মেৰুদণ্ড ডাল পোন হৈ থাকে অথবা যথা স্থানত থাকে। সন্মুখৰ পিনে বেছিকৈ হালি কাম নকৰিব। নিতৌ আধা ঘণ্টামান পোন হৈ খোজ কাৰক। অত্যাধিক ওজনৰ বস্তু নাদাঙিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...