অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে শ্ৰীঘ্ৰেই দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ সম্ভাৱনা

অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত প্ৰায় ৮০৪ কিলোমিটাৰ ৰ্দৈঘ্যৰ সীমা আছে আৰু ইয়াত ভালেকেইটা বিবদমান অঞ্চল আছে। অসম-অৰুণাচল প্ৰদেশৰ মাজত থকা সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শ্ৰীঘ্ৰেই দ্বিতীয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কৈছে যে, “মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সকলো সীমা সমস্যা স্থায়ী সমাধানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধান সম্ভৱ বুলিও তেওঁ কয়। লগতে তেওঁ আৰু কয় যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সক্ৰিয় সমৰ্থনত সমস্যাটো সমাধানৰ বাবে প্ৰথম পৰ্যায়ৰ বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। দ্বিতীয় পৰ্যায়ৰ আলোচনা অহা কেইদিনৰ ভিতৰতে অনুষ্টিত হ’ব বুলিও তেওঁ কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...