বোকাজানত জব্দ হ’ল ৭ কোটি টকা মূল্যৰ ২ কিলো হেৰ’ইন

0 6

গুৱাহাটী, ১৭ জুন, NKTV: ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। বৃহস্পতিবাৰেও অসমৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ জব্দ কৰাৰ বিপৰীতে কেইবাজন ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে।

  • বোকাজানত বৃহৎ পৰিমাণৰ ড্রাগছ উদ্ধাৰ
  • আৰক্ষীৰ অভিযানত উদ্ধাৰ ২ কিল’গ্রামৰো অধিক হেৰ’ইন
  • উদ্ধাৰ কৰা ড্রাগছৰ বজাৰ মূল্য ৭ কোটি টকাৰো অধিক
  • নগাঁৱৰ ধিং কটহগুৰিত ড্রাগছ উদ্ধাৰ
  • মৰিগাঁৱৰ লাহৰীঘাটতো ড্ৰাগছ সৰবৰাহকাৰী আটক
  • ধুবুৰীত ড্রাগছ বিক্রোতা গ্রেপ্তাৰ
  • হাইলাকান্দিত হেৰ’ইনসহ এজন গ্রেপ্তাৰ
  • কাহিলিপাৰাত ৰাইজে কৰায়ত্ত কৰে ড্রাগছ সেৱনকাৰীক
  • কৰিমগঞ্জত ড্রাগছ বিক্রোতা গ্রেপ্তাৰ
  • নাজিৰাৰ শিমলুগুৰিত ড্রাগছ বিক্রোতাক গ্রেপ্তাৰ

ৰাজ্যৰ প্রান্তে প্রান্তে উদ্ধাৰ হৈছে কোটি কোটি টকাৰ ড্রাগছ। কাৰ্বি আংলং জিলাৰ বোকাজানত অসম আৰক্ষীয়ে অভিযান চলাই এইপৰ্যন্ত বৃহৎ পৰিমাণৰ ড্রাগছ উদ্ধাৰ কৰে। উদ্ধাৰ কৰা ড্রাগছখিনিৰ আন্তঃৰাষ্ট্রীয় বজাৰ মূল্য ৭ কোটি টকাৰো অধিক। এখন এল্ট’ গাড়ীত প্রায় ২ কেজি ১২৫ গ্রাম ড্রাগছ অসমলৈ আনি থকাৰ সময়তে নাগালেণ্ডৰ এগৰাকী মহিলাসহ দুজনক গ্রেপ্তাৰ কৰে। দুয়োজনৰে ঘৰ ডিমাপুৰত বুলি জানিব পৰা গৈছে। ১৬৪ পেকেটত ড্রাগছসমূহ সৰবৰাহ কৰা হৈছিল। নগাঁও জিলাৰ ধিঙৰ কটহগুৰিত আৰক্ষীয়ে ড্রাগছ ব্যৱসায়ী ছাদ্দাম হুছেইনক গ্রেপ্তাৰ কৰাৰ লগতে ড্রাগছ উদ্ধাৰ কৰে। মৰিগাঁও জিলাৰ লাহৰীঘাটত ৩৫টাকৈ ড্রাগছ ভৰ্তি কণ্টেইনাৰৰ সৈতে সৰবৰাহকাৰী হুছেইন আলীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। ধুবুৰীত আৰক্ষীয়ে অভিযান চলাই দ্বিতীয় খণ্ডৰ পৰা শ্বাহত আলী নামৰ এজন ড্রাগছ বিক্রেতাক আটক কৰাৰ লগতে ২২টা ব্রাউন ছুগাৰৰ পেকেট জব্দ কৰে। হাইলাকান্দিত আৰক্ষীয়ে অভিযান চলাই নাছিৰ উদ্দিন বৰভূঞা নামৰ এজন ড্রাগছ সৰবৰাহকাৰীৰ ঘৰৰ পৰা ৯গ্রাম হেৰ’ইনৰ লগতে ৩৩০টা খালী কণ্টেইনাৰ জব্দ কৰে। কাহিলিপাৰাত ড্রাগছ সেৱনকাৰী ৰফিকুল ইছলাম নামৰ এজন যুৱকক কৰায়ত্ত কৰি কাণত ধৰাই শাস্তি বিহাৰ লগতে হেৰ’ইন,ছিৰিঞ্জসহ আৰক্ষীক চমজাই দিয়ে। কৰিমগঞ্জৰ নিলাম বজাৰত আৰক্ষীয়ে অভিযান চলাই ব্রাহ্মণশাসন এলেকাৰ পৰা ১গ্রাম ড্রাগছ জব্দ কৰাৰ লগতে মজিবুৰ ৰহমান নামৰ এজনক আটক কৰে। নাজিৰা আৰক্ষীয়ে শিমলুগুৰিৰ বালিঘাট বৰদোৱামুখত অভিযান চলাই এগৰাকী মহিলা ড্রাগছ ব্যৱসায়ী অদিতি পেগু গগৈ  আটক কৰাৰ লগতে ১৪.৬ গ্রাম ব্রাউন ছুগাৰ উদ্ধাৰ কৰে। স্বামী বিশ্ব গগৈৰ সৈতে অদিতিয়ে অঞ্চলটোত ড্রাগছ ব্যৱসায় চলাই থকাৰ তথ্য আৰক্ষীয়ে উদ্ধাৰ কৰে।

Leave A Reply

Your email address will not be published.