বেজৰ নাকত খৰ, নগাঁৱত ANTI-NARCOTICS SQUADৰ জোৱানসহ আটক

গুৱাহাটী, ১৭ জুন, NKTV: নগাঁৱত ড্রাগছৰ বিৰুদ্ধে অভিযান চলোৱা এণ্টি নাৰ্কোটিক স্কোৱাদৰ জোৱানৰ হাততে উদ্ধাৰ হৈছে ড্রাগছ কণ্টেইনাৰ। গাঁওৰক্ষী বাহিনীৰ লোকে ইশ্রাফিল হুছেইন নামৰ জোৱানজনক ড্রাগছ সৈতে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে। অৱশ্যে ইশ্রাফিলক ক্লীনশ্বিট দিছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রই। ড্রাগছ মাফিয়া চক্রই তেওঁক চক্রান্তমূলকভাৱে জালত পেলাই ড্রাগছৰ কণ্টেইনাৰ পকেটত ভৰাই দিছিল বুলি মন্তব্য কৰে।

  • সৰিয়হৰ ডুলিতে ভূত!
  • নগাঁৱত ড্রাগছৰ বিৰুদ্ধে অভিযান চলোৱা আৰক্ষীৰ হাততে ড্রাগছ!
  • এণ্টি নাৰ্কোটিক স্কোৱাদৰ জোৱানৰ হাতত ড্রাগছ কণ্টেইনাৰ!
  • আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ মতে এয়া ড্রাগছ মাফিয়াৰ ষড়যন্ত্র
  • ইশ্রাফিল হুছেইনক ক্লীনশ্বিট আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ
  • ড্রাগছ মাফিয়াই তেওঁৰ পকেটত ড্রাগছ ভৰাই দিয়াৰ অভিযোগ

ড্রাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্রই গঠন কৰা এণ্টি নাৰ্কোটিক স্কোৱাদৰ এজন সদস্যক গাঁওৰক্ষী বাহিনীয়ে ড্রাগছসহ হাতে–লোটে কৰায়ত্ত কৰাৰ পিছতে সমগ্র জিলাতে প্রতিক্রিয়াৰ সৃষ্টি হৈছে। আৰক্ষী অধীক্ষক আনন্দ মিশ্রই জোৱানজনক ক্লীনশ্বিট প্রদান কৰি ড্রাগছ মাফিয়াইহে তেওঁক চক্রান্তমূলকভাৱে জালত পেলোৱা বুলি অভিযোগ কৰি কঠোৰ সকীয়নি প্রদান কৰিছ। ঘটনাৰ সূত্রপাত ঘটিছিল বুধবাৰে সন্ধিয়া। নগাঁৱৰ আৰক্ষী অধীক্ষক নেতৃত্বত ৰহাত উদ্ধাৰ কৰিছিল বৃহৎ পৰিমাণৰ ড্রাগছ। সেই অভিযানৰ অন্যতম সদস্য আছিল ইশ্রাফিল হুছেইন নামৰ আৰক্ষী জোৱানজন। নিশা তেওঁ কৰ্তব্যৰ পৰা উভতি গৈ থকাৰ সময়ত দুৰ্ঘটনাত পতিত হৈছিল, সেই সময়তে ঘটনাস্থলীত উপস্থিত গাঁওৰক্ষী বাহিনীৰ সদস্যই তেওঁৰ পৰা ড্রাগছৰ কণ্টেইনাৰ উদ্ধাৰ কৰাৰ লগতে নিচাসক্ত অৱস্থাত থকা বুলি অভিযোগ কৰি আৰক্ষীক চমজাই দিয়ে।

স্বয়ং এণ্টি নাৰ্কোটিক স্কোৱাদৰ সদস্য ড্রাগছসহ আটক হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। নগাঁও আৰক্ষী অধীক্ষকজনে বৃস্পতিবাৰে দুপৰীয়া এখন সংবাদমেল অনুষ্ঠিত কৰি ইশ্রাফিলক ক্লীনশ্বিট দিয়াৰ লগতে ড্রাগছ মাফিয়াই তেওঁক ষড়যন্ত্রমূলকভাৱে বদনাম কৰা বুলি দাবী কৰে। জোৱানজনে ড্রাগছ সেৱন নকৰে আৰু তেওঁ নিচাসক্ত অৱস্থাত থকাৰ অভিযোগ মিছা বুলি মন্তব্য কৰি ড্রাগছ মাফিয়াইহে কণ্টেইনাৰ তেওঁৰ পকেটত ভৰাই দিয়াৰ অভিযোগ কৰে।

আই পিএছ বিষয়া আনন্দ মিশ্রই আৰক্ষী অধীক্ষক হিচাপে নগাঁৱত যোগদান কৰাৰ পিছৰে পৰা ড্রাগছ বিৰুদ্ধে অভিযান চলাই কেইবাঠাইৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগছ উদ্ধাৰ কৰাৰ লগতে বহু সৰবৰাহকাৰী গ্রেপ্তাৰ কৰিছে। ড্রাগছ মাফিয়াৰ কাৰণে ত্রাসৰ কাৰণ হৈ পৰিছে আৰক্ষীৰ অভিযান। এনে সময়তে অভিযানকাৰী আৰক্ষীৰ বিৰুদ্ধে চলা অভিযোগ আৰু প্রত্যুত্তৰে নগাঁৱত চাঞ্চল্যৰ সৃষ্টি হৈছ

  • নগাঁৱৰ পৰা তপন কুমাৰ বৰা
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...