টেষ্টৰ বেষ্ট হোৱাৰ প্ৰয়াসৰে শুকুৰবাৰে নিউজীলেণ্ডৰ মুখা-মুখি হব টীম ইণ্ডিয়া

গুৱাহাটী, ১৭ জুন, NKTV

শুকুৰবাৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল
১৮ জুনত বিশ্ব জয়ৰ বাবে খেলপথাৰত নামিব ভাৰত- নিউজীলেণ্ড
ছাউথহেম্পটনৰ এজেছ বাউলত অনুষ্ঠিত হ’ব মেচখন
ভাৰতীয় সময় অনুসৰি দিনৰ ৩.৩০ আৰম্ভ হ’ব খেল


১৮ জুনৰ পৰা অনুষ্ঠিত হব লগা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলখনৰ বাবে সাজু হৈছে ভাৰত আৰু নিউজীলেণ্ড দল। কোন হব টেষ্টৰ বেষ্ট? সেয়া জানিবলৈ এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে বিশ্বৰ ক্ৰিকেট প্ৰেমী। ইপিনে বহু প্ৰাক্তন ক্ৰিকেটাৰৰ পূৰ্বানুমান ভাৰত নহয়, নিউজীলেণ্ডহে হব টেষ্ট ক্ৰিকেটৰ বিশ্ব চেম্পিয়ন। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত জয়লাভ কৰাৰ সুবাদত কেন উইলিয়ামছনৰ দলটো সুবিধাজনক স্থিতিত আছে। আনহাতে ইংলেণ্ডৰ সংবাদ মাধ্যমৰ মতে ফাইনেল খেলখনৰ পিটচ হব পাৰে বলিঙৰ বাবে সুবিধাজনক, হব পেচ বলৰ সহায়ক। পিটছত বলে গতি লোৱাৰ লগতে ছুয়িং হোৱাৰ সম্ভাৱনা আছে। সেইবাবে টছত জয়ী হোৱা দলটোৱে প্ৰথমতে ফিল্ডিং ললে বুলি সুবিধা পাব বুলি মন্তব্য কৰিছে ইংলেণ্ডৰ প্ৰাক্তন খেলৱৈ আৰু সংবাদ মাধ্যমে। বৰষুণে যাতে খেলখনত বাধা নিদিয়ে তাৰবাবে টেষ্টখনত এটা অতিৰিক্ত দিনো ৰাখিছে ICC এ। ইপিনে ফাইনেল খেলখনৰ সম্ভাব্য ভাৰতীয় দলটো হব পাৰে এনেধৰণৰ

ৰোহিত শৰ্মা, শুভমান গিল, চেতেশ্বৰ পূজাৰা
বিৰাট কোহলী, আজিংকা ৰাহাণে, ৰবিচন্দ্ৰন অশ্বিন
ঋষভ পন্ত, ৰবীন্দ্ৰ জাদেজা, মহম্মদ স্বামী
যশপ্ৰীত বুমৰাহ আৰু ঈশান্ত শৰ্মা

আনহাতে, নিউজীলেণ্ডৰ দলত কেন উইলিয়ামছন, টম লাথম, ৰছ টেইলৰৰ দৰে বিশ্ব শ্ৰেষ্ঠ খেলুৱৈ আছে। দলত আছে ট্ৰেণ্ট ব’ল্ট, টীম ছাউডীৰ দৰে ছুয়িং বলাৰ যিসকলে বিপদত পেলাব পাৰে টীম ইণ্ডিয়াৰ শক্তিশালী বেটিং লাইনআপক। সেয়ে ফাইনেল খেলখনত জয় লাভ কৰাটো হোৱাটো টিম ইণ্ডিয়াৰ বাবে হব কঠিন হব বুলি ক্ৰিকেট বিশেষজ্ঞসকলে কব খোজে।

ভাৰত-নিউজীলেণ্ডৰ মাজত এতিয়ালৈকে হৈছে ৫৬ খন টেষ্ট
২১ খনত ভাৰত জয়ী হোৱাৰ বিপৰীতে, নিউজীলেণ্ডৰ জয় ১২ খনত
টেষ্ট চেম্পিয়নশ্বিপৰ ৰণত ভাৰতে খেলা ১৭ খন টেষ্টৰ ১২ খনত জয়, ৪ খনত পৰাস্ত
নিউজীলেণ্ডে ১১ খন টেষ্ট খেলি ৭ খনত জয়, ৪ খনত পৰাস্ত

এতিয়া অপেক্ষা মাথোঁ কিছু সময়ৰ। তাৰ পিছতে ইংলেণ্ডত আৰম্ভ হব টেষ্টৰ বেষ্ট হোৱাৰ মহৰণ।

Sports Desk, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...

বিশ্ব সুন্দৰী প্ৰতিযোগিতা ২০২৬; বিশ্বৰ মঞ্চত জিলিকিল ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী ম’লা ডমিংগুৱেজ

ভিয়েটনামৰ ন্যা ট্ৰাং চহৰত অনুষ্ঠিত ৭৩সংখ্যক মিছ ৱৰ্ল্ড ২০২৬ৰ...